NORTHEAST NOW (Assamese)
অসম

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই নিজৰ বিৰুদ্ধে উঠা অভিযোগৰ বিচাৰিলে তদন্ত

Posted by: অনিৰ্বাণ পাঠক August 8, 2018 11:48 pm
Bodoland university

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত বিভিন্ন অভিযোগ সন্দৰ্ভত তদন্ত বিচাৰিছে স্বয়ং উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱাই। বুধবাৰে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰি বিশ্ববিদ্যালয়খনত সংঘটিত দূৰ্নীতি আৰু অনিয়মৰ অভিযোগ সন্দৰ্ভত তদন্ত কৰাৰ অনুৰোধ জনায় উপাচাৰ্য ড০ বৰুৱাই।

উল্লেখ্য যে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱাৰ বিৰুদ্ধে দূৰ্নীতি আৰু অনিয়মৰ বিভিন্ন অভিযোগ উত্থাপন কৰি এখন অসমীয়া বাতৰি কাকতে ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ কৰি আছে। ইয়াৰ পাছতেই বৰুৱাই ৰাজ্যপাললৈ সমগ্ৰ বিষয়টোৰ তদন্ত কৰবলৈ ‘ভিজিলেন্স কমিতি’ প্ৰেৰণ কৰাৰ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰা কাৰ্যই নিশ্চিতভাৱে তাৎপৰ্য বহন কৰিছে।

এই সন্দৰ্ভত উপাচাৰ্য ড০ বৰুৱাৰ সৈতে নৰ্থ-ইষ্ট নাওৰ এক টেলিফোনিক বাৰ্তালাপত তেওঁ কয়, ‘বাতৰি কাকতখনে কোনো ভিত্তি নথকাকৈ মোৰ বিৰুদ্ধে যিবিলাক অভিযোগ আনিছে তাত মই অত্যন্ত দুখ পাইছো। মোৰ ‘কেৰিয়াৰ’ত দাগ লগাবলৈ তেওঁলোকে এনেদৰে ধাৰাবাহিকভাৱে লিখি আছে। অৱশেষত মই মানসিক অশান্তিত ভুগি থকা হেতুকেই এই পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো।’

তেওঁ লগতে কয় যে এই অভিযোগ সন্দৰ্ভত চৰকাৰৰ ফালৰ পৰা প্ৰতিবেদন বিচাৰিলে প্ৰতিবেদন দাখিল কৰিবলৈ তেওঁ সাজু আছে। কিন্তু চৰকাৰে প্ৰতিবেদন বিচৰাৰ আগতেই তেওঁ নিজেই সমগ্ৰ অভিযোগৰ তদন্ত কৰাৰ বাবে অনুৰোধ জনোৱাটো বিবেচনা কৰিলে।

উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱাৰ ফাইল ফটো

‘চৰকাৰে তদন্তৰ বাবে ‘ভিজিলেন্স কমিতি’ প্ৰেৰণ কৰক। ভিজিলেন্স কমিতিয়ে বাতৰি কাকতত এতিয়া ওলোৱা কথাৰেই নহয় বৰং আৰম্ভণীৰ পৰাই সকলো কথাৰ তদন্ত কৰক। তেতিয়াহে কথাবিলাক স্পষ্টভাৱে ওলাই পৰিব। যদি তদন্তত মোৰ কিবা দূৰ্নীতি ওলায় তেতিয়াহ’লে ওলাওক’, উপাচাৰ্য ড০ বৰুৱাই কয়।

তেওঁৰ বিৰুদ্ধে বিশ্ববিদ্যালয়খনৰ বিভিন্ন নিৰ্মাণ কাৰ্যৰ নামত ধনৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি কাকতখনে বাতৰি প্ৰকাশ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে বিশ্ববিদ্যালয়খনৰ বিত্তীয় দিশটো চোৱাচিতাৰ বাবে এখন ‘টেণ্ডাৰ কমিতি’ আছে, কিন্তু তেওঁ সেই ‘টেণ্ডাৰ কমিতি’ৰ  সদস্যই নহয়। গতিকে তেওঁ বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ কোনো কথাই আহি নপৰে বুলি মন্তব্য কৰে।

আনহাতে সহযোগী অধ্যাপকৰ পদ অৱনমিতকৰণ সম্পৰ্কত প্ৰকাশিত বাতৰিৰ প্ৰসংগ উত্থাপন কৰি বৰুৱাই কয় যে বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ পূৰ্বৰ নীতি অনুসৰিয়েই সহযোগী অধ্যাপকৰ পৰা সহকাৰী অধ্যাপকৰ পদলৈ অৱনমিত কৰা হৈছে। অতিথি অধ্যাপকৰ চাকৰি নিয়মীয়াকৰণো কাৰ্যবাহী পৰিষদৰ বিবেচনা অনুসৰিয়ে নিয়মীয়াকৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াত তেওঁ নতুনকৈ একো পৰিৱৰ্তন কৰা নাই।

ড০ বৰুৱাই আক্ষেপেৰে কয়, ‘কাকতখনত যিবোৰ লিখি আছে তাৰ কোনো আগো নাই গুৰিও নাই। তেনেকৈ কিছুমান অভিযোগ আনিব নালাগে। বিশ্ববিদ্যালয়খনৰ বাবে মই যিখিনি কৰিছো মই তাৰ কৃতিত্ব বিচৰা নাই’।

তেওঁ উপাচাৰ্য হিচাপে যোগদান কৰাৰ পাছৰে পৰা যিবিলাক কাম হৈছে তাৰ শলাগ লওঁতা কোনো নাই বুলি নৰ্থ-ইষ্ট নাওৰ আগত প্ৰকাশ কৰে।

‘আঠটা কৈ বিভাগ খুলিলো, এম ফিল আৰম্ভ কৰিলো, পি এইচ ডিৰ পঞ্জীয়ণ কৰালো, বি এড, এম এড খুলিলো, মই ২০১৩ চনত যোগদান কৰাৰ আগতেই নামভৰ্তী হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ণ কৰালো, অসমৰ কোনো ৰাজ্যিক বিশ্ববিদ্যালয়তে এতিয়ালৈ স্নাতকোত্তৰৰ ফলাফল ঘোষনা হোৱা নাই, কিন্তু আমাৰ বিশ্ববিদ্যালয়ত ইতিমধ্যে পাঁচটা বিভাগৰ ফলাফল ঘোষণা হৈ গ’ল। এই বিলাক কথাৰটো কোনেও শলাগ লোৱা নাই’, ড০ বৰুৱাই কয়।

তেওঁ বিশ্ববিদ্যায়ৰ কামত ভ্ৰমন কৰিলেও তাৰ বাবত কোনো ভাট্টা নোলোৱা বুলিও প্ৰকাশ কৰি এই অভিযোগ সমুহে যথেষ্ট দুখ দিয়া বুলি মন্তব্য কৰে।