NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱৰ অওলাগুৰীত ভয়াবহ অগ্নিকাণ্ড; লক্ষাধিক টকাৰ সা-সামগ্ৰী ভষ্মীভূত

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী March 22, 2021 10:17 am
IMG_20210322_095625

বঙাইগাঁও জিলাৰ মাণিকপুৰৰ নিকটৱৰ্তী অওলাগুৰীত সংঘটিত হৈছে এক ভয়াবহ অগ্নিকাণ্ড।

দেওবাৰে মাজনিশা সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ডটো।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

অওলাগুৰীৰ অমৰ আলী নামৰ ঘৰত এই অগ্নিকাণ্ডটো সংঘটিত হয়।

অগ্নিকাণ্ডৰ ফলত এটা টিনপাতৰ গৃহ সহ কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী ভষ্মীভূত হোৱা বুলি জানিব পৰা গৈছে।

অৱশেষত ৰাইজৰ সহযোগত বিজনীৰ অগ্নি নিৰ্বাপক বাহিনীয়ে জুঁই নুমাবলৈ সক্ষম হয়। যাৰ ফলত অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে আন ঘৰ সমুহ।