NORTHEAST NOW (Assamese)
অসম

অহা ১১ মাহলৈ ঠিকাভিত্তিক টে’ট শিক্ষকৰ চাকৰিৰ ম্যাদ বৃদ্ধি

Posted by: এন ই নাও নিউজ August 9, 2018 7:33 am
Siddhartha-Bhattacharya-1-570x320

অৱশেষত টে’ট উত্তীৰ্ণ ১১ হেজাৰ ঠিকাভিত্তিক শিক্ষক সকললৈ আহিল এটা সুখবৰ। ২০১৭ ৰ ছেপ্তেম্বৰত নিযুক্তি লাভ কৰা এই টে’ট শিক্ষকৰ চাকৰিৰ ম্যাদ ৰাজ্য চৰকাৰে অহা ১১ মাহলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

বুধবাৰে এই কথা জানিবলৈ দিয়ে অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই। ইয়াৰ উপৰি তেওঁ জানিবলৈ দি কয় যে এই টে’ট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ বন্ধ হৈ থকা দুমাহৰ দৰমহাও মুকলি কৰি দিয়া হ’ব। ইতিমধ্যে এই সন্দৰ্ভত শিক্ষা মন্ত্ৰীগৰকীয়ে এক নিৰ্দেশনা জাৰি কৰা বুলি জানিব পৰা যায়।

উল্লেখ্য যে ৰাজ্যৰ প্ৰাথমিক শিক্ষাত এতিয়া অধিকসংখ্যকে ঠিকাভিত্তিক শিক্ষক হিচাপে কৰ্মৰত কৰি আছে। ইতিপূৰ্বৰে পৰা প্ৰায় ৩০ হাজাৰ টে’ট উত্তীৰ্ণ শিক্ষক নিয়োজিত হৈ থকাৰ উপৰি সোণোৱাল চৰকাৰৰ আমোলত আৰু প্ৰায় ১১ হেজাৰ টে’ট উত্তীৰ্ণ শিক্ষক ঠিকাভিত্তিত নিযুক্তি দিছিল।

মনকৰিবলগীয়া যে ষ্টেট পুলত নিযুক্তিপ্ৰাপ্ত ঠিকাভিত্তিক শিক্ষকসকলৰ দৰমহা সম্পূৰ্ণ আদায় দিব লাগে ৰাজ্য চৰকাৰে। কিন্তু ৰাজ্য ৰাজ্য চৰকাৰে বিত্তীয় সংকটৰ অজুহাত দেখুৱাই এইসকল শিক্ষকৰ দৰমহাৰ ক্ষেত্ৰত অনিহা প্ৰদৰ্শন কৰাৰ লগতে স্থায়ী পদতো নিযুক্তি দিয়াৰ ক্ষেত্ৰত আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।