NORTHEAST NOW (Assamese)
Popular Stories

বিষাক্ত সাপৰ দংশনত কৰুণ মৃত্যু বজালী কলেজৰ ছাত্ৰী নৱনীতাৰ

Posted by: শশাংক তালুকদাৰ August 9, 2018 6:14 pm
bajali college girl nabanita

বিষাক্ত সাপে খোঁটা বজালী মহাবিদ্যালয়ৰ নৱনীতা বড়ো নামৰ ছাত্ৰীগৰাকীয়ে বুধবাৰে নিশা চিকিৎসালয়তে প্ৰাণ হেৰুৱাইছে।

অসমীয়া বিভাগৰ স্নাতকোত্তৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰীগৰাকীক যোৱা ৬ আগষ্টত সাপে খোঁটাৰ পিছত প্ৰথমে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰা হৈছিল যদিও অধিক উন্নত চিকিৎসাৰ বাবে পিছত বঙাইগাঁৱৰ ল’ৱাৰ আছাম হস্পিটেললৈ প্ৰেৰণ কৰা হৈছিল।

বৰপেটাৰ সৰুপেটাস্থিত ঘৰত পাকঘৰত কাম কৰি থাকোঁতে ছাত্ৰীগৰাকীক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ তলত থকা এটা বিষাক্ত ফেঁটী সাপে খুটিছিল।

সৰুপেটাৰ ৰবেন্দ্ৰ বড়ো আৰু নাগেশ্বৰী বড়োৰ কন্যা নৱনীতাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

ছাত্ৰীগৰাকীৰ মৃত্যুত বজালী কলেজৰ ছাত্ৰ-শিক্ষক-কৰ্মচাৰীসকলৰ লগতে আছুৰ পাঠশালা গোটেও শোক প্ৰকাশ কৰিছে।