NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ উঠাই লোৱা বুলি মিছা প্ৰচাৰ; অভিযোগকাৰীৰ স্বামী হ’ল বিজেপিৰ যুৱমৰ্চাৰ সদস্য

Posted by: এন ই নাও নিউজ August 10, 2018 9:54 pm
Rajen-Gohain

নগাওঁ সদৰ থানাত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ বিৰুদ্ধে দিয়া ধৰ্ষণৰ গোচৰটো মহিলাগৰাকীয়ে উঠাই লোৱা বুলি চলোৱা প্ৰচাৰ সত্য নহয়। এই কথা নিশ্চিত কৰিছে নগাওঁ জিলা আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে।

আৰক্ষী অধীক্ষকজনে নৰ্থ-ইষ্ট নাওক কয় যে গোচৰটো উঠাই লোৱা কোনো কোনো সংবাদ মাধ্যমত ভুলকৈ বাতৰি ওলাইছে। গোচৰটোৰ তদন্ত চলি আছে।

উল্লেখযোগ্য যে নগাৱঁৰ দেউৰী গাৱঁৰ এগৰাকী মহিলাই নগাওঁ সদৰ থানাত দিয়া ধৰ্ষণৰ এটা অভিযোগৰ ভিত্তিত ৪ বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা মন্ত্ৰীজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪১৭, ৩৭৬ আৰু ৫০৬ ধাৰাৰ অধীনত 2592/18 ৰ নম্বৰত গোচৰ ৰুজু হৈছে। আৰক্ষীয়ে জনোৱামতে, অভিযোগকাৰী মহিলাগৰাকীৰ ভাষ্য ইতিমধ্যে লিপিবদ্ধ কৰা হৈছে। অভিযুক্ত মন্ত্ৰীজনকো অচিৰেই জেৰা চলোৱাৰ সম্ভাৱনা আছে।

নগাৱঁৰ পৰা মিণ্ট দাসৰ সংযোজন :

ইপিনে জানিব পৰামতে, অভিযোগকাৰীৰ স্বামী বিজেপিৰ যুৱমৰ্চাৰ এজন সক্ৰিয় সদস্য। তেওঁলোকৰ পৰিয়ালটোৰ সৈতে ৰাজেন গোহাঁইৰ দীৰ্ঘদিনীয়া ঘনিষ্ঠ সম্পৰ্ক আছে।

মন কৰিব লগীয়া কথাটো হ’ল- মহিলাগৰাকীয়ে আৰক্ষীক দিয়া এজাহাৰত মন্ত্ৰী ৰাজেন গোহাঁয়ে মহিলাগৰাকীক কিবা সুবিধা দিয়াৰ প্ৰলোভন দি দীৰ্ঘদিনৰ পৰা  যৌন নিৰ্যাতন কৰি আহিছিল। কিন্তু যোৱা কিছু দিনৰ পৰা মহিলাগৰাকীৰ স্বামীৰ লগত ৰাজেন গোহাঁইৰ সংঘাত চলি আছিল। আনকি মহিলাগৰাকীৰ স্বামীয়ে ফেচবুকত নাম উল্লেখ নকৰাকৈ ‘এজন মন্ত্ৰীৰ  বিৰুদ্ধে শীঘ্ৰে মুখ খুলিম বুলি’ ভাবুকিও দিছিল। ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইৰ লগত মহিলাগৰাকীৰ স্বামীৰ এক টেলিফোনিক বাৰ্তালাপাত কথাৰ কটাকটি হোৱাৰ লগতে মহিলাগৰাকীৰ প্ৰসংগ উত্থাপন হোৱাৰ কথা প্ৰকাশ পাইছে।

ইপিনে আৰক্ষী অধীক্ষকজনে জনোৱামতে, মহিলাগৰাকীয়ে গোচৰ দিয়াৰ একেটা দিনতে মন্ত্ৰী গোঁহাইৰ পুত্ৰ নৱাৰুণ গোহাঁয়ে মহিলাগৰাকীৰ স্বামীৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ তুলি আন এখন এজাহাৰ দাখিল কৰিছে।

তাৰ ভিত্তিত, ২৫৮৫/১৮ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৫/৫০৫ ধাৰাত এক গোচৰ ৰুজু হৈছে।