NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী প্ৰেছক্লাবত নেমকেয়াৰ হস্পিতেলৰ সাপ্তাহিক মীডিয়া অ’ পি ডি ক্লিনিক

Posted by: এন ই নাও নিউজ August 11, 2018 6:57 pm

মহানগৰীৰ নেমকেয়াৰ হস্পিতেলৰ উদ্যোগত শণিবাৰে গুৱাহাটী প্ৰেছক্লাবত সাপ্তাহিক মীডিয়া অ’ পি ডি ক্লিনিকৰ আয়োজন কৰা হয়। উক্ত ক্লিনিকত গেষ্ট্ৰ বিশেষজ্ঞ ডা০ অমৃকাংশু বৰকাকতি আৰু ডা০ বিশ্বজিৎ দেউৰীয়ে অংশগ্ৰহণকাৰী সকলক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি যাৱতীয় পৰামৰ্শ আগবঢ়ায়।

প্ৰেছক্লাবৰ সদস্য-সাংবাদিক তথা তেওঁলোকৰ পৰিয়ালৰ সদস্য সকলৰ বাবে আয়োজিত শিবিৰত অংশগ্ৰহণকাৰী সকলে ওজন, ৰক্তচাপ আৰু মধুমেহ ৰোগৰ পৰীক্ষাৰ সুবিধা লাভ কৰে।

শিবিৰটোত নেমকেয়াৰ হস্পিতেলৰ মুৰব্বী ডা০ হিতেশ বৰুৱাৰ লগতে চিকিৎসালয়খনৰ জনসম্পৰক্ষী বিষয়া বিশ্বজিৎ শৰ্মা আৰু ধৰণী কলিতাও উপস্থিত থাকে। ইয়াৰ উপৰি শিবিৰ পৰিচালনাত সহায় কৰে নাৰ্চ ডিম্পী দেউৰী, লুকুমনি দুৱৰা আৰু ফুলমনি দেৱীয়ে।

আনহাতে সাপ্তাহিক অ’ পি ডি ক্লিনিকৰ সৈতে সংগতি ৰাখি স্বাস্থ্য পৰীক্ষাৰ পিছতেই প্ৰেছক্লাবত চেতন আনন্দৰ দেশপ্ৰেমমূলক ছবি ‘হাকিকত’ৰ প্ৰদৰ্শন কৰা হয়।