NORTHEAST NOW (Assamese)
Popular Stories

ৰাজস্থান উচ্চ ন্যায়ালয়ৰ গুৰুত্ব পূৰ্ণ ৰায়: বিবাহৰ বয়স নহ’লেও লিভ ইনত থাকিব পাৰে প্ৰাপ্তবয়স্কই

Posted by: এন ই নাও নিউজ, গুৱাহাটী December 5, 2025 2:14 pm

 ৰাজস্থান উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায়ত স্পষ্ট কৰি দিছে যে দুজন প্ৰাপ্তবয়স্ক লোকৰ বিবাহযোগ্য বয়স নহ’লেও, তেওঁলোকে স্ব-ইচ্ছাৰে একেলগে বসবাস কৰিব পাৰে । বিচাৰপীঠে কয় যে সংবিধানৰ ২১ নং অনুচ্ছেদ অনুসাৰে জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ কেৱল বিবাহৰ আইনী বয়স পূৰণ নোহোৱাৰ বাবে অস্বীকাৰ কৰিব নোৱাৰি।

উল্লেখ্য যে কোটা নগৰৰ এগৰাকী ১৮ বছৰীয়া যুৱতী আৰু এজন ১৯ বছৰীয়া যুৱকৰ আবেদনৰ শুনানিত ন্যায়াধীশ আনুপ ধনে এই ৰায় দান দিছে। এই দম্পতীয়ে স্ব-ইচ্ছাৰে একেলগে বসবাস কৰি আহিছে আৰু ২৭ অক্টোবৰ তাৰিখে তেওঁলোকে এটা লিভ ইন চুক্তি (Live-in agreement) স্বাক্ষৰ কৰিছিল।

যুৱতীগৰাকীৰ পৰিয়ালে এই সম্পৰ্কৰ তীব্ৰ বিৰোধিতা কৰি দম্পতীহালক ক্ষতি কৰাৰ ভাবুকি প্ৰদান কৰিছিল বুলি অভিযোগ কৰিছে। তেওঁলোকে আৰক্ষীৰ ওচৰত অভিযোগো দাখিল কৰিছিল যদিও সেই সময়ত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।

চৰকাৰী পক্ষই যুক্তি দিছিল যে, যেহেতু পুৰুষজনৰ বয়স ২১ বছৰ সম্পূৰ্ণ হোৱা নাই, যিটো পুৰুষৰ বাবে বিবাহৰ ন্যূনতম আইনী বয়স, সেয়ে মহিলাগৰাকীৰ সৈতে তেওঁ একেলগে থাকিব নোৱাৰে। কিন্তু আদালতে এই যুক্তিক প্ৰত্যাখ্যান কৰি স্পষ্ট কৰি দিছে যে বিবাহৰ আইনী বয়সে একেলগে বসবাসৰ অধিকাৰক প্ৰভাৱিত নকৰে।

তেঁওলোকৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি আদালতে ভীলৱাৰা আৰু যোধপুৰ জিলাৰ আৰক্ষীক দম্পতীহালৰ পৰিস্থিতি পৰ্যালোচনা কৰি প্ৰয়োজন হ’লে তেওঁলোকক নিৰাপত্তা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।