NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট নৃত্যশিল্পী শৈলেন শইকীয়াৰ মৃত্যু সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি : মুখ্য মন্ত্ৰী সোণোৱাল

Posted by: এন ই নাও নিউজ August 11, 2018 9:25 pm

বিশিষ্ট নৃত্যশিল্পী, সত্ৰীয়া সংস্কৃতিৰ সাধক, অসম চৰকাৰৰ ২০১৭ বৰ্ষৰ বিষ্ণুৰাভা বঁটা প্ৰাপক শৈলেন শইকীয়াৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এক শোকবাৰ্তাৰ জৰিয়তে মুখ্য মন্ত্ৰী সোণোৱালে কয় যে জীৱনকালত প্ৰয়াত শৈলেন শইকীয়াই এগৰাকী সত্ৰীয়া তথা ওজাপালি নৃত্যশিল্পী হিচাপে ৰাজ্যখনৰ সাংস্কৃতিক জীৱনধাৰাক আৰু অধিক আগুৱাই নিয়াৰ বাবে যি প্ৰচেষ্টাত অৱতীৰ্ণ হৈছিল সেয়া অসমবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰিব।

লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ২০১৭ বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰে সন্মানিত এই গৰাকী সত্ৰীয়া সংস্কৃতিৰ সাধকৰ মৃত্যু ৰাজ্যখনৰ সাংস্কৃতিক তথা সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি।

মুখ্য মন্ত্ৰী গৰাকীয়ে নৃত্যশিল্পী গৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।