NORTHEAST NOW (Assamese)
Popular Stories

দেশৰ মানচিত্ৰৰ পৰা উঃ-পূঃক বিসৰ্জন শ্বাহৰ, ‘ভাৰত মাতা কি জয়’ ধ্বনিত অস্তমিত ‘অষ্টলক্ষ্মী’!

Posted by: এন ই নাও নিউজ August 11, 2018 11:31 pm
Amit-Shah-570x320

চিৰবঞ্চিত বুলি অনুভৱ কৰি অহা অসম তথা উত্তৰ-পূববাসীৰ কটা ঘাঁত চেঙা তেল ঢালি ৭১সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত দেশৰ মানচিত্ৰৰ পৰাই অঞ্চলটোক বিসৰ্জন দিলে বিজেপিৰ সভাপতি অমিত শ্বাহে।

অসমত ‘জাতি-মাটি-ভােটি’ ৰক্ষা কৰাৰ দৰে ক’লকাতাৰ মাটিত ভৰি থৈয়ে হিন্দু বাঙালীৰ ৰক্ষাকৰ্তাৰ অৱতাৰত আবিৰ্ভাৱ হোৱা বিজেপি নেতাজনৰ ‘ভাৰত মাতা কি জয়’ আহ্বানৰ প্ৰতি সহস্ৰজনৰ সঁহাৰিত অস্তমিত হ’ল সূৰ্য্যোদয়ৰ দেশ ‘অষ্টলক্ষ্মী’!

ক’লকাতাৰ বিশাল জনসভাত ভাষণ আৰম্ভ কৰিবলৈ লৈ বিজেপিৰ শীৰ্ষ নেতাজনে বিজেপি সমৰ্থকৰ ‘ভাৰত মাতা কি জয়’ ‘বংগৰ পৰা গুজৰাটলৈ ৰজনজনোৱাতো’ বিচাৰিলে, নাপাহৰিলে ‘কাশ্মীৰৰ পৰা কন্যাকুমাৰীৰ’ কথাও উল্লেখ কৰিবলৈ; মাত্ৰ মনত নপৰিল বেছি কেইখন ৰাজ্যতে বিজেপি চৰকাৰ চলি থকা উত্তৰ-পূবলৈহে!

লগতে পঢ়িবলৈ ক্লিক কৰক এইটো লিংকত: ৰাজ্যসভাত অসম, উত্তৰ-পূবৰ ‘সাৰ্বভৌমত্ব’ৰ প্ৰস্তাৱ উত্থাপন বিশ্বজিৎ দৈমাৰীৰ

প্ৰমাণ হ’ল উত্তৰ-পূবলৈ আহিলেহে বিজেপি নেতাৰ মনত পৰে ‘অষ্টলক্ষ্মী’লৈ!

উত্তৰ-পূবৰ বিকাশ হওক বা নহওক, কংগ্ৰেছৰ দিনৰ ‘লুক ইষ্ট’ নীতি ‘এক্ট ইষ্ট’লৈ পৰিৱৰ্তনৰ শ্ল’গান দি অহা বিজেপি নেতা শ্বাহৰ বিস্মৃতি ভু-ৰখা মহলৰ বাবে এক ন ‘চমক’ৰূপে পৰিগণিত হৈছে।

ৰৱ উঠিছে, বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ‘জন-গণ-মন’ত ভালেহে নাছিল উত্তৰ-পূব!