NORTHEAST NOW (Assamese)
অসম

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বৰডুমচাত আলফা (স্বা)ৰ লিংকমেন আটক

Posted by: মানস প্ৰতিম গগৈ August 12, 2018 8:30 pm
Ulfa linkman arrested at Bordumsa

আগন্তুক স্বাধীনতা দিৱসত তিনিচুকীয়াত উগ্ৰপন্থীয়ে যাতে কোনোধৰণৰ কূটাঘাটমূলক কাৰ্য্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে জিলাখনত সেনা বাহিনী আৰু আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে।

কালি অৰ্থাৎ শনিবাৰে তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কলিয়াজানত আলফা (স্বা)ৰ লগত লিংকমেন হিচাপে জড়িত থকাৰ অভিযোগত সেনাই এজন লোকক আটক কৰে। ধৃত লোকজনক জাগুন আৰক্ষী চকীৰ অধীনৰ ৱাৰা বস্তিৰ নিবাসী নাজিৰ আহমেদ বুলি চিনাক্ত কৰা হৈছে।

বৰডুমচা আৰক্ষী আৰু ২৩ নং পাঞ্জাব ৰেজিমেণ্টৰ যুটীয়া অভিযানত আটকাধীন লিংকমেনজনৰ কবলৰ পৰা সেনা-আৰক্ষীয়ে এটা পইণ্ট টু টু পিস্তল, ৫ জাঁ‌ই সক্ৰিয় গুলী আৰু এটা ম’বাইল ফোন জব্দ কৰে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ধৃত লোকজনক বৰডুমচা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০/১২১/১২১ (এ), আৰ ডব্লিউ ২৫(১)(অ)ৰ লগতে আৰ ডব্লিউ ১০/১৩ ইউ এ (পি)ৰ ধাৰাৰ অধীনত ৪৫/১৮ নম্বৰৰ গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে।

আনহাতে, অন্য এক সূত্ৰই এই সমগ্ৰ ঘটনাটোক সেনাৰ এক ভুৱা নাটক বুলি উল্লেখ কৰে।