NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত নাবালিকাক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্তক ৫ বছৰৰ কাৰাদণ্ড

Posted by: পাৰ্শ্বজ্যোতি গগৈ August 13, 2018 12:30 pm

শেহতীয়াকৈ শিৱসাগৰ বিশেষ ন্যায়াধীশ আদালতে এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত এটা অপৰাধীক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে।

যোৱা ৯ আগষ্টত আদালতে ৫ বছৰৰ বাবে কাৰাদণ্ডৰে দণ্ডিত কৰা অভিযুক্তজন চৰাইদেউ জিলাৰ নামতোলাৰ নিৱাসী বিনোদ ঠাকুৰ বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ২০১৬ চনৰ ৬ জুনতে নাবালিকা গৰাকীৰ পিতৃয়ে স্থানীয় নামতোলা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছিল।
উক্ত এজাহাৰত উল্লেখ থকা অনুসৰি তেওঁৰ বিশেষভাৱে সক্ষম কন্যাক বিনোদ ঠাকুৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণৰ অপচেষ্টা আৰু যৌন নিৰ্যাতন তথা ডিঙি চেপি হত্যা কৰাৰ চেষ্টা চলাইছিল।
ফলত পৰৱৰ্তী সময়ত সেই এজাহাৰৰ ওপৰত ভিত্তি কৰি নামতোলা আৰক্ষী থানাৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত ৯ জন লোকৰ সাক্ষ্য গ্ৰহণ কৰি অভিযোগনামা দাখিল কৰিছিল।
আনহাতে বিগত ২ টা বছৰ ধৰি আদালতত গোচৰটো শুনানি লোৱাৰ পাছত আদালতে অৱশেষত পি অ’ চি এছ অ’ আইনৰ ধাৰাত অভিযুক্ত বিনোদ কুমাৰক ৫ বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ৫ হাজাৰ টকাৰ জৰিমনাও বিহে।
আৰু জৰিমনা আদায় নিদিলে অতিৰিক্ত তিনি মাহৰ কৰাদণ্ডৰো নিৰ্দেশ দিয়ে আদালতে।