NORTHEAST NOW (Assamese)
অসম

মৰাণ থানাৰ গোচৰত অখিল গগৈৰ জামিন লাভ

Posted by: অভিক চক্ৰৱৰ্তী December 22, 2017 9:57 pm

মৰাণ আৰক্ষী থানাত ৰুজু হৈ থকা এক গোচৰ সংক্ৰান্তত অখিল গগৈক শুক্ৰবাৰে ডিব্ৰুগড়ৰ এখন আদালতে জামিন মঞ্জুৰ  কৰে। ডিব্ৰুগড়ৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডধীশ ইমদাদ আহমেদে অখিল গগৈৰ উক্ত জামিন মঞ্জুৰ কৰিছে। উল্লেখযোগ্য যে যোৱা ছেপ্টেম্বৰ মাহত অখিল গগৈৰ বিৰুদ্ধে মৰাণৰ এখন ৰাজহুৱা সভাত চৰকাৰৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল’ব বুলি মন্তব্য কৰাকে ধৰি ৭ টাকৈ বিভিন্ন অভিযোগত মৰাণ আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছিল।

আনহাতে ডিব্ৰুগড় আদালতে অখিল গগৈক জামিন মঞ্জুৰ কৰিছে যদিও কৃষক নেতাজনৰ ওপৰত আন এক গোচৰ জাপি দি দুধনৈ আৰক্ষীয়ে পুনৰ তেওঁক গ্ৰেপ্তাৰ কৰিব খুজিছে বুলি তেওঁৰ অধিবক্তা অনুজ ছেত্ৰীয়ে নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে। গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী চকীত অখিল গগৈৰ বিৰুদ্ধে ১১২/১৭ নং এক গোচৰ ৰুজু কৰা হৈছিল বুলি জানিবলৈ দি ছেত্ৰীয়ে কয় ‘আমি গগৈক উক্ত গোচৰ সম্পৰ্কে সোধাত তেওঁ ইয়াৰ সৈতে জড়িত নহয় বুলি কৈছিল। যি সকল অভিযুক্তক এই গোচৰটোৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকক পিছত জামিনত মুক্তি দিয়া হৈছিল। অখিল গগৈৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰা হৈছে আৰু তেওঁক যি কোনো মুহূৰ্ততে গ্ৰেপ্তাৰ কৰা হ’ব পাৰে।’