NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট সাহিত্যিক শশী শৰ্মালৈ ‘শতবৰ্ষীয় জীৱনজোৰা সাহিত্য সন্মান’

Posted by: এন ই নাও নিউজ December 23, 2017 7:29 am

‘ছোভিয়েট দেশ বঁটা’ বিজয়ী অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, সমালোচক শশী শৰ্মালৈ অসম সাহিত্য সভাই আগবঢ়াইছে ‘শতবৰ্ষীয় জীৱনজোৰা সাহিত্য সন্মান’। ২৬, ২৭ ডিচেম্বৰত ধুবুৰীত অনুষ্ঠিত হ’ব লগীয়া অসম সাহিত্য সভাৰ বছৰজোৰা শতবৰ্ষীয় সামৰণী অনুষ্ঠানৰ মুকলি সভাত সাহিত্যিক গৰাকীক এই সন্মান প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মনকৰিবলগীয়া যে সম্প্ৰতি সাহিত্যিক গৰাকী অসুস্থ হৈ থকাৰ পৰিপ্ৰেক্ষিতত সাহিত্য সভাৰ বিষয় ববীয়া সকলে নলবাৰীৰ নিজ গৃহতে এই সন্মান প্ৰদান কৰিব। এক বিবৃতি যোগে এই কথা জনাইছে সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিশিষ্ট লেখক, কবি পংকজ গোবিন্দ মেধিয়ে।

ইফালে সাহিত্য সভাই আগবঢ়োৱা এই সন্মানৰ বতৰা পোৱাৰ লগে লগে শশী শৰ্মাই মন্তব্য কৰে যে এই সন্মান মোৰ জীৱনৰ বাবে এক আশীৰ্বাদ আৰু মই এই কাৰ্যত ধন্য। নলবাৰী প্ৰেছ ক্লাব, নলবাৰী সাহিত্য সমাজ, জিলা লেখক সভা প্ৰমুখ্যে বহু দল-সংগঠনে সাহিত্য সভাৰ এই সন্মান প্ৰদৰ্শনৰ বাবে সন্তোষ প্ৰকাশ কৰে।