NORTHEAST NOW (Assamese)
অসম

নগাঁৱত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই

Posted by: মিণ্টু দাস August 15, 2018 2:30 pm
d117c613-4a87-40f7-8e1a-02d79fb5edce

সমগ্ৰ দেশবাসীয়ে আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে নগাঁও জিলাতো স্বাধীনতা দিৱস উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও নুৰুল আমিন ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত দত্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

মন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলন কৰি প্ৰদান কৰা ভাষণত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ উপৰি আহি থকা দিনত চৰকাৰে পৰিকল্পনা কৰা বিভিন্ন বিভাগৰ আঁ‌চনি সম্পৰ্কে  বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷

ভাষণ প্ৰসংগত বিশ্ব জয় কৰা নগাঁৱৰ ধিঙৰ হিমা দাসকো অভিনন্দন জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে। ভাষণৰ অন্তত মন্ত্ৰী দত্তই জিলাখনৰ আৰক্ষী, যান-বাহন আৰক্ষী, গৃহৰক্ষী বাহিনী, এন চি চি, স্কাউট আৰু জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে।

এই অনুষ্ঠানৰ সমান্তৰালকৈ অনুষ্ঠিত হোৱা সাংস্কৃতিক আৰু সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়। এই অনুষ্ঠানতে স্বৰ্ণ জয়ী হিমা দাসৰ হৈ পিতৃ ৰঞ্জিৎ দাসে  মন্ত্ৰীগৰাকীৰ পৰা সম্বৰ্ধনা গ্ৰহণ কৰে।

উল্লেখ্য যে, বিভিন্ন দল-সংগঠনে স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ জনোৱা আহ্বানক নস্যাৎ কৰি বিগত বহু বছৰৰ মূৰত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অভিলেখ সংখ্যকভাৱে জনসাধাৰণে স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।