NORTHEAST NOW (Assamese)
অসম

অহা ১৮ আগষ্টৰ পৰা যোৰাবাটত অনুষ্ঠিত হ’ব অসম কাবাডী দলৰ বাছনি শিবিৰ

Posted by: এন ই নাও নিউজ August 15, 2018 1:32 pm
47cdca4519983c3118272b5d36571cbe_342_660

অহা ১৮ আগষ্টৰ পৰা সোণাপুৰৰ পূব কামৰূপ কাবাডী সন্থাৰ ব্যৱস্থাপনাত আৰম্ভ হ’ব জুনিয়ৰ ৰাষ্ট্ৰীয় কাবাডী প্ৰতিযোগিতাৰ বাবে অসমৰ ল’ৰা আৰু ছোৱালীৰ দল দুটাৰ বাছনি তথা প্ৰস্তুতি শিবিৰ।

উল্লেখ্য যে অহা ১২ৰপৰা ১৫ ছেপ্টেম্বৰলৈ কলকাতাত অনুষ্ঠিত হ’বলগীয়া জুনিয়ৰ ৰাষ্ট্ৰীয় কাবাডী প্ৰতিযোগিতাৰ বাবে অসমৰ পৰা প্ৰেৰণ কৰিবলগীয়া দল দুটাৰ বাছনি তথা প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হ’ব যোৰাবাটৰ সমীপৰ বোমানীৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ খেলপথাৰত।

জানিব পৰা মতে কৰিমগঞ্জৰ নিভিয়া গাঁৱত মাৰ্চৰ শেষ সপ্তাহত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ আন্তঃজিলা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈৰ মাজৰ পৰা কুৰিগৰাকীকৈ ল’ৰা আৰু ছোৱালীক বাছনি কৰি এই শিবিৰলৈ আমন্ত্ৰণ জনোৱা হৈছে।

বাছনি শিবিৰত অংশ ল’বলৈ অহা খেলুৱৈসকল ১৯৯৮ চনৰ ১৬ ছেপ্তেম্বৰৰ পিছত জন্মগ্ৰহণ কৰা (২০ বছৰৰ অনূৰ্দ্ধৰ) আৰু শৰীৰৰ ওজন ল’ৰাৰ ৭০ কেজিৰ আৰু ছোৱালীৰ ৬৫ কেজিৰ কম হ’ব লাগিব। খেলুৱৈসকলক অহা ১৮ আগষ্টৰ পুৱাৰ ভাগতে শিবিৰত উপস্থিত হ’বলৈ আহ্বান জনাইছে আয়োজকে।

আনহাতে বাছনি শিবিৰ তথা প্ৰস্তুতি শিবিৰৰ সবিশেষ তথ্যৰ বাবে খেলুৱৈসকলে সদৌ অসম কাবাডী সন্থাৰ সম্পাদক আবেদুৰ ৰহমান অথবা পূব কামৰূপ কাবাডী সন্থাৰ প্ৰদীপ কুমাৰ বা  ধৰ্মেন্দ্ৰ বড়োৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলিও জনায়।