NORTHEAST NOW (Assamese)
অসম

অসম চুক্তি সম্পৰ্কে হিমন্ত বিশ্বৰ মন্তব্যই সোণোৱালৰো বক্তব্য নেকি, প্ৰশ্ন সমুজ্জ্বল ভট্টাচাৰ্য্যৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 19, 2018 11:47 pm

অসম চুক্তি আৰু বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ১৯৭১ চন নিৰ্ধাৰণ এক ‘ভুল’ আছিল বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ( Himanta Biswa Sarma )ই কৰা মন্তব্যক ‘অগ্ৰাহ্য’ কৰি ‘মন্ত্ৰীজনৰ মন্তব্যটো অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য বা ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত নেকি’ বুলি ১৯ মে’ত চৰকাৰক প্ৰশ্ন কৰিছে সমুজ্জ্বল ভট্টাচাৰ্য্যই।

ভট্টাচাৰ্য্যই কয় যে এইধৰণৰ মন্তব্যৰে ‘বিভ্ৰান্তি’ সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে। ‘এই ধৰণৰ বিভ্ৰান্তি সৃষ্টি কৰাৰ মূল কাৰণটো কি?’ বুলি প্ৰশ্ন কৰি ভট্টাচাৰ্য্যই দাবী কৰে যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণক ‘অসাৰ’ কৰি তোলাৰ উদ্দেশ্যৰেই বিজেপি চৰকাৰে ‘জাতিধ্বংসী’ নাগৰিকত্ব সংশোধন বিধেয়কখন আনিছে।

‘তেখেতৰ (হিমন্ত বিশ্ব শৰ্মাৰ) বক্তব্যটো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য নেকি? নে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ বক্তব্য নে কেন্দ্ৰীয় কেবিনেটৰ বক্তব্য?’, ছাত্ৰ সন্থাৰ উপদেষ্টাজনৰ প্ৰশ্ন।

উল্লেখযোগ্য যে অসম চুক্তিৰ আধাৰত ১৯৭১ চনক বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ হিচাপে লৈ অসমত এন আৰ চি উন্নীতকৰণৰ কাম সম্পূৰ্ণ হ’বলৈ আৰু মাত্ৰ কেইটামান দিন বাকী আছে। তাৰোপৰি অসমৰ প্ৰায় সকলো খিলঞ্জীয়া দল-সংগঠনৰ নাগৰিকত্ব সংশোধন বিধেয়ক বিৰোধিতাৰো অন্যতম আধাৰ হ’ল অসম চুক্তি।

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই শৰ্মাৰ মন্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰি মন্ত্ৰীজনক তেওঁৰ মন্তব্যৰ বাবে অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ বিজেপি দলে নিৰ্দেশ দিব লাগে বুলি দাবী জনাইছে।

Chief Minister Sarbananda sonowal, Finance Minister Himanta Biswa Sarma inaugurating the new office of Implementation of Assam Accord Department at Khanapara in Guwahati on 10-12-17. Pix BY UB photos

হিমন্ত বিশ্ব শৰ্মা পূৰ্বৰ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰে মন্ত্ৰী আছিল। আনহাতে অসম চুক্তিৰ ৩২ বছৰ পিছত যোৱা ১০ ডিচেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেই অসম চুক্তি ৰূপায়ণ বিভাগৰ এটা সুকীয়া কাৰ্য্যালয় গুৱাহাটীৰ খানাপাৰাত মুকলি কৰিছিল।

সমুজ্জ্বল ভট্টাচাৰ্য্যই কোৱাৰ দৰে বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈকে ৰাজনৈতিক কৌশল হিচাপে বিজেপিৰ প্ৰভাৱশালী নেতাজনে এনে মন্তব্য কৰি আহিছে নেকি? বেলেগ বেলেগ নেতাই বেলেগ বেলেগ মন্তব্যৰে সেই মন্তব্য সমৰ্থন কৰা লোকসকলক তেওঁলোকৰ প্ৰতিনিধিত্ব চৰকাৰখনত আছে বুলি পতিয়ন নিয়াব খোজাৰ কৌশল লোৱা হৈছে নেকি!

এন আৰ চি সন্দৰ্ভত বিজেপিৰ বিভিন্ন নেতাৰ মন্তব্য আৰু নাগৰিকত্ব বিধেয়কক লৈয়ে ‘জাতি, মাটি, ভেটি’ ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে অহা সোণোৱাল চৰকাৰখনে অসমৰ খিলঞ্জীয়া ৰাইজৰ আটাইতকৈ বেছি ৰোষৰ বলি হ’ব লগা হৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে খোদ মন্ত্ৰী ডঃ শৰ্মা, মুখ্য মন্ত্ৰী সোণোৱাল তথা বিজেপি দলে চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পিছতহে ৰাজ্যৰ দল-সংগঠনে বিৰোধিতা কৰি অহা নাগৰিকত্ব সংশোধন বিধেয়ক সন্দৰ্ভত ৰাজ্য চৰকাৰে মত প্ৰকাশ কৰিব বুলি কৈ আহিছে।