NORTHEAST NOW (Assamese)
অসম

অসমৰ জ্বলন্ত সমস্যা সমাধানৰ দাবীত স্বাধীনতা দিৱসৰ দিনা কামপুৰত এহাল দম্পত্তিৰ প্ৰতিবাদ

Posted by: মিণ্টু দাস August 16, 2018 1:07 pm
09527689-00b7-48a4-aac1-3992154bf888 - Copy

দেশৰ ৭২ তম স্বাধীনতা দিৱসৰ আনন্দ-উল্লাসৰ মাজতে বুধবাৰে কামপুৰত দেখা গ’ল এহাল দম্পত্তিৰ প্ৰতিবাদ। কামপুৰ প্ৰেছ ক্লাৱৰ সন্মুখত অসমৰ বহু কেইটা জলন্ত সমস্যা সমাধানৰ দাবীত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে লেখক-সাংবাদিক মোলান লস্কৰ আৰু তেওঁৰ পত্নী ৰীণা লস্কৰে।

উল্লেখ্য যে, স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ বিপৰীতে এই দম্পত্তি হালে অসমৰ জ্বলন্ত সমস্যা সমূহৰ সমাধানৰ দাবীত পুৱাৰ পৰাই কামপুৰৰ ৰাজপথত প্ৰতিবাদ সাৱ্যস্ত কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল, নদী বান্ধ, বানপানী সমস্যা, ৰন্ধন গেছ আৰু পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত এই অনশন কাৰ্যসূচী পালন কৰে লেখক-সাংবাদিক মোলান লস্কৰ আৰু তেওঁ পত্নী ৰীণা লস্কৰে৷

দম্পত্তি হালে অসমৰ জলন্ত সমস্যা সমূহৰ শীঘ্ৰে সমাধানৰ দাবীত স্বাধীনতা দিৱসক কটাক্ষ কৰি কামপুৰ প্ৰেছ ক্লাবৰ সন্মুখত কেইবা ঘণ্টা ধৰি কৰা অনশন কাৰ্যসূচীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।