NORTHEAST NOW (Assamese)
অসম

শ্বাহিৰক নদীৰ পাৰত পাম স্থাপনৰ বিৰোধিতা মণিপুৰৰ গাওঁবাসীৰ

Posted by: এন ই নাও নিউজ December 23, 2017 11:28 am

মণিপুৰৰ শ্বাহিৰক নদীৰ পাৰত বাস কৰা গাওঁবাসীয়ে শুকুৰবাৰে শ্বাহিৰক নদীৰ পাৰক পামলৈ পৰিৱৰ্তন কৰাৰ পদক্ষেপৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।

শ্বাহিৰক নদীৰ পাৰত গাহৰি পাম বা আন যিকোনো পাম স্থাপন কৰা নহয় বুলি জাননী জাৰি কৰাৰ দাবীত নদীৰ পাৰত বাস কৰা হেজাৰ সংখ্যক গাওঁবাসীয়ে পশ্চিম ইম্ফলৰ ছেনজাম খুনও য়ুথ ক্লাৱত ধৰ্ণা কাৰ্যসূচী পালন কৰে।

ছেনজাম খুনও আৰু ছেনজাম চিৰাঙ যৌথ উন্নয়ন সংস্থা, ফুমলও গাওঁ পঞ্চায়ত, লেইৰেনকাবি কাদঙবেণ্ড গাওঁ পঞ্চায়ত, পায়েঙ গাওঁ পঞ্চায়ত, মায়নগ্লেংজিং গাওঁ পঞ্চায়ত, খুৰখুল গাওঁ পঞ্চায়ত, লইটাঙ খুনও গাওঁ সমিতি, লেইমাখঙ চিঙমাং, কান্তো য়ুথ ক্লাৱ, মইবাং খুনও য়ুথ ক্লাৱ আৰু আৱাঙ ছেকমাই প্ৰটেকশ্বন কমিটিয়ে সন্মিলিতভাৱে এখন ৰাজহুৱা সভাৰো আয়োজন কৰে।

সভাখনতে যোৱা ১৬ ডিচেম্বৰত হাৰাওথেল গাওঁবাসীৰ সৈতে হোৱা সংঘৰ্ষৰ সময়ত ছেনজাম চিৰাঙ গাওঁৰ এগৰাকী লোকক গুলীওৱা অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

তেওঁলোকে লগতে  প্ৰায় ৪০,০০০ গাওঁবাসীৰ জীৱনৰেখা শ্বাহিৰক নদীৰ পানী কোনোধৰণে প্ৰদূষিত কৰা যিকোনো কাৰ্যকলাপ বন্ধ কৰিবলৈও প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

যোৱা ১৬ ডিচেম্বৰত হোৱা সংঘৰ্ষত ছেনজাম চিৰাঙৰ এজন গাওঁবাসীৰ বুকুৰ বাওঁফালে গুলীৰ আঘাতত আহত হোৱাৰ লগতে হাৰাওথেল গাওঁৰো ছজন লোক আহত হৈছিল।

ছেনজাম চিৰাঙ আৰু হাৰাওথেলৰ মাজত থকা এটি বিতৰ্কিত অঞ্চলত হাৰাওথেল গাওঁৰ বাসিন্দাই নিৰ্মাণ কৰি থকা পামৰ কাম ছেনজাম চিৰাঙ গাওঁবাসীয়ে বন্ধ কৰিবলৈ যাওঁতে উক্ত সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল।