NORTHEAST NOW (Assamese)
Popular Stories

 NEET ৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰিলে অসমৰ ছাত্ৰই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 14, 2023 1:45 pm

NEET UG চিকিৎসা প্ৰৱেশ পৰীক্ষাত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেশ্যনৰ ছাত্ৰ ছাকিল হুছেইনে। উল্লেখ্য যে ইয়াৰ পূৰ্বে দিছপুৰস্থিত শ্ৰীমন্ত শংকৰ একাডেমীৰ ছাত্ৰ আছিল ছাকিল। 

ছাকিলে এই পৰীক্ষাত ৭২০ নম্বৰৰ ভিতৰত ৬৯৫ নম্বৰ লাভ কৰি সমগ্ৰ উত্তৰ-পূবৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰে।

মন কৰিবলগীয়া যে মঙলবাৰে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই NEET UG 2023 ৰ ফলাফল প্ৰকাশ কৰে। যোৱা ৭ মে’ত অনুষ্ঠিত হোৱা এই পৰীক্ষাত ২১ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

জানিব পৰা মতে এই পৰীক্ষাত মুঠ ১১,৪৫,৯৭৬ গৰাকী প্ৰাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। 

সৰ্বাধিক যোগ্যতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী উত্তৰ প্ৰদেশৰ (১,৩৯,৯৬১) আৰু তাৰ পিছতে মহাৰাষ্ট্ৰৰ (১,৩১,০০৮)।

অন্যান্য পিছ পৰা জাতিৰ ৫,২৫,১৯৪ গৰাকী, অনুসূচিত জাতিৰ পৰা ১,৫৩,৬৭৪ গৰাকী, অনুসূচীত জনজাতিৰ পৰা ৫৬,৩৮১ গৰাকী, সাধাৰণ শ্ৰেণীৰ পৰা ৩,১২,৪০৫ গৰাকী আৰু ই ডব্লিউ এছ বিভাগৰ পৰা ৯৮,৩২২ গৰাকী প্ৰাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে।