NORTHEAST NOW (Assamese)
অসম

শুভমন গীলকে ধৰি ইণ্ডিয়া ব্লুৰ খেলুৱৈক ট্ৰেইন কৰিব অসমৰ নিশান্ত বৰদলৈয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 14, 2019 6:45 pm
shubman-gill

বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত ১৭ আগষ্টৰ পৰা অনুষ্ঠিত হ’বলগীয়া দুলীপ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত অংশ ল’বলগীয়া ইণ্ডিয়া ব্লু দলত ট্ৰেইনাৰ হিচাপে নিযুক্তি লাভ কৰিছে অসমৰ ট্ৰেইনাৰ নিশান্ত বৰদলৈয়ে।

প্ৰতিভাৱান যুৱ ভাৰতীয় ক্ৰিকেটাৰ শুভমন গীলে নেতৃত্ব দিবলগীয়া ইণ্ডিয়া ব্লু দলত ট্ৰেইনাৰ হিচাপে থাকিব লগীয়া নিশান্তই গীলৰ লগতে আনমোলপ্ৰীত সিং, ৰিতুৰাজ গাইকোৱাড, জলজ ছাক্সেনা, শ্ৰেয়াছ গোপাল আদিৰ দৰে প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰসকলৰ সৈতে কাম কৰিবলৈ সুবিধা লাভ কৰিব।

উল্লেখযোগ্য যে, অসমৰ প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ নিশান্ত বৰদলৈয়ে ইতিমধ্যে ট্ৰেইনাৰ হিচাপে ৰাজ্যৰ লগতে দেশত যথেষ্ট সুনাম অৰ্জন কৰিছে।

দুলীপ ট্ৰফীৰ প্ৰথমখন খেলত ১৭ আগষ্টত ইণ্ডিয়া ব্লু ইণ্ডিয়া গ্ৰীণৰ সন্মুখিন হ’ব।

শুভমন গীলে ইণ্ডিয়া ব্লুক নেতৃত্ব দিয়াৰ বিপৰীতে ফায়াজ ফজলে ইণ্ডিয়া গ্ৰীণক নেতৃত্ব প্ৰদান কৰিব।