NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইত আৰক্ষীৰ অভিযানত জব্দ কাঠফলা মিল সহ বৃহৎ পৰিমানৰ শাল কাঠ

Posted by: নীলমণি শৰ্মা August 17, 2018 11:57 am
Shaw mill seized

গোৱালপাৰা জিলাৰ কৃষ্ণাইত সম্প্ৰতি বৃদ্ধি পাইছে চোৰাং কাঠ ব্যৱসায়ীৰ দৌৰাত্ম্য৷ একাংশ চোৰাং কাঠ ব্যৱসায়ীৰ সতে গোপন বুজাবুজিৰে কৃষ্ণাইৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে এনেদৰে ধ্বংস কৰি গৈছে এখনৰ পিছত এখন বনাঞ্চল৷

শেহতীয়াকৈ গোৱালপাৰা জিলা আৰক্ষীয়ে  কৃষ্ণাইত চোৰাং ব্যৱসায়ীৰ বিৰুদ্ধে চলাইছে তীব্ৰ অভিযান৷ ঠিক সেইদৰে যোৱা বুধবাৰে গোৱালপাৰা জিলাৰ উপ আৰক্ষী অধীক্ষক (পি) মৌচুমী দাসৰ নেতৃত্বত কৃষ্ণাই বন বিভাগৰ অন্তৰ্গত হুদাকোনাত অতৰ্কিতে এক অভিযান চলাই এটা কাঠফলা মিল সহ বৃহৎ পৰিমানৰ শাল কাঠ জব্দ কৰে ৷

উল্লেখযোগ্য যে কৃষ্ণাই বন বিভাগৰ ৰেঞ্জাৰ গৰাকীৰ চত্ৰছায়াত কৃষ্ণাইত এনে দৰে চুকে কোনে কাঠ আৰু বালিৰ অবৈধ বেহা গঢ়ি উঠা পৰিলক্ষিত হোৱা বুলি একাংশ স্থানীয় লোকে জানিবলৈ দিয়ে।

সম্প্ৰতি অঞ্চলটোৰ খাৰদাং, ভেল্টাৰঘাট, চোটিপাৰা, কুকুাৰকাটা আদিকে ধৰি বিভিন্ন স্থানত কুৰিটাতকৈ বেচি মিল এতিয়াও চলি আছে৷ বন বিভাগৰ এই অবৈধ মিল সমুহৰ লগতে চোৰাং কাঠ আৰু বালিৰ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ হৈছে গোৱালপাৰাৰ আৰক্ষী৷

উপ আৰক্ষী অধীক্ষক (পি) মৌচুমী দাসৰ নেতৃত্বত জিলাখনৰ বিভিন্ন অঞ্চলটোত এইদৰে নিতৌ চলিছে চোৰাং কাঠৰ বিৰুদ্ধে তীব্ৰ অভিযান৷