NORTHEAST NOW (Assamese)
অসম

ফুটপাথৰ হোটেল নহয়, বিলাসী ৰেষ্টুৰেণ্টৰ পাকঘৰেই অস্বাস্থ্যকৰ : কুইক পিক, কস্তুৰী ৰেষ্টুৰেণ্ট ৭ দিনৰ বাবে ছীলড

Posted by: অনিৰ্বাণ পাঠক August 20, 2018 5:58 pm
KastauriRestaurant

এজন সচেতন গ্ৰাহকৰ অভিযোগৰ ভিত্তিত আজি ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগে ‘কস্তুৰী ৰেষ্টুৰেণ্ট’ত অভিযান চলাই পাকঘৰৰ অস্বাস্থ্যকৰ পৰিৱেশৰ বাবে ৰেষ্টুৰেণ্টখন সাত দিনৰ বাবে ছীল কৰি দিয়ে।

ফুটপাথৰ দাঁতিৰ সাধাৰণ হোটেল-ৰেষ্টুৰেণ্ট নহয়, জি এছ ৰোডৰ লাচিত নগৰৰ ‘বৰাজ আৰকেড’ত থকা ‘কস্তুৰী’ নামৰ বিলাসী ৰেষ্টুৰেণ্টখনতেই আজি খাদ্য সুৰক্ষা বিভাগে পাকঘৰৰ এই অস্বাস্থ্যকৰ পৰিৱেশ ধৰা পেলায়।

আজি সচেতন গ্ৰাহকজনৰ অভিযোগৰ পিছত খাদ্য সুৰক্ষা বিভাগৰ অভিযানকাৰী দল এটাক নেতৃত্ব দি জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়া তৰুণ দাস তাত উপস্থিত হয়। তৰুণ দাসৰ মতে অভিযানত ৰেষ্টুৰেণ্টখনৰ পাকঘৰটো অতি লেতেৰা অৱস্থাত পোৱা যায়।

“পাকঘৰটো লেতেৰা অৱস্থাত পাইছো, গতিকে ৭ দিনৰ বাবে ৰেষ্টুৰেণ্টখন বন্ধ ৰখাৰ নিৰ্দেশ দিছো। ইয়াত কিছুমান ‘চাতুগুড়ি’ পোৱা গৈছে যিবিলাকৰ ম্যাদ উকলি গৈছে। আমি তেনে কিছু ‘চাতুগুড়ি’ৰ নমুনা সংগ্ৰহ কৰিছো আৰু সেইখিনি পৰীক্ষাৰ বাবে পঠোৱা হ’ব।”

ইয়াৰ উপৰি ৰেষ্টুৰেণ্টখনত একেটা ফ্ৰীজতে আমিষ আৰু নিৰামিষ আহাৰো একেলগে ৰখা দেখা বুলি খাদ্য সুৰক্ষা বিভাগৰ বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

লগতে প্ৰস্তুত কৰাৰ কেইবাদিনো হোৱা বুলি সন্দেহ কৰা কেইবাবিধো খাদ্য সামগ্ৰী বিভাগটোৱে জব্দ কৰা বুলিও জনাইছে।

আনহাতে কস্তুৰী ৰেষ্টুৰেণ্টত অভিযান চলোৱাৰ পিছতে অভিযানকাৰী দলটোৱে শিলপুখুৰীৰ কুইক পিক নামৰ ৰেষ্টুৰেণ্টখনতো অভিযান চলায়। পৰিদৰ্শনৰ সময়ত এইখন ৰেষ্টুৰেণ্টতো পায় একেই অস্বাস্থ্যকৰ পৰিৱেশ। ফলত এইখন ৰেষ্টুৰেণ্টকো ৭ দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে খাদ্য সুৰক্ষা বিভাগে।

উল্লেখযোগ্য যে, খাদ্য সুৰক্ষা বিভাগে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত যোৱা কিছুদিন ধৰি আভিযান অব্যহত ৰাখিছে। বিভাগটোৰ অভিযান চলাই অস্বাস্থ্যকৰ পৰিৱেশত খাদ্য সামগ্ৰী প্ৰস্তুত কৰা আৰু সংৰক্ষণ কৰি ৰখা কেইবাখনো হোটেল আৰু ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। ১৯ আগষ্টত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ ভিতৰৰ এখন কেন্টিনো বন্ধৰ নিৰ্দেশ দিছিল খাদ্য সুৰক্ষা বিভাগে।