NORTHEAST NOW (Assamese)
অসম

অসমত ‘বন্ধ’ হৈ যাব ১০৮ সেৱা, আপদকালীন সাহায্যত ভয়ানক বিপৰ্য্যয়ৰ আশংকা!

Posted by: অনিৰ্বাণ পাঠক August 23, 2018 9:50 pm

অসমৰ ৰাইজৰ আপদকালীন সাহায্যৰ ক্ষেত্ৰত ভয়ংকৰ বিপৰ্য্যয়ৰ সৃষ্টি কৰি বন্ধ হৈ যাব পাৰে ১০৮ আৰু ১০২ এম্বুলেন্স সেৱা!

মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ বিৰুদ্ধে পোনপটীয়া অভিযোগ তুলি এই জৰুৰীকালীন সেৱাৰ সৈতে জৰিত সমূহ কৰ্মচাৰীয়ে অহা ৫ চেপ্তেম্বৰৰ পৰা ঘোষণা কৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতিয়ে প্ৰকট কৰি তুলিছে এই সম্ভাৱনা।

বৃহস্পতিবাৰে গুৱাহাটী প্ৰে’ছ ক্লাবত এখন সংবাদমেলযোগে এই ঘোষণা কৰে সৰ্বভাৰতীয় শ্ৰমিক সংগঠন নিখিল ভাৰত ট্ৰে’ড ইউনিয়ন কংগ্ৰেছ (AITUC)এ। ‘অসম চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱা বাবে ১০৮, ১০২ এম্বুলেন্স সেৱা আৰু ইমাৰজেন্সি ৰেচপনচ্ অফিচাৰসকলে অহা ৫ চেপ্তেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিব,’ সংবাদমেলত ঘোষণা ইউনিয়নৰ অসম শাখাৰ সাধাৰণ সম্পাদক ৰমেন দাসৰ।

ৰাজ্যিক শ্ৰম আয়োগে যোৱা ৩০ জানুৱাৰিত Industrial Employment (Standing Order) Act 1946ৰ অধীনত দিয়া নিৰ্দেশনা অমান্য কৰি কৰ্মচাৰীক হাৰাশাস্তি কৰাৰ অভিযোগ কৰিছে শ্ৰমিক সংগঠনটোৱে। ‘সেৱা বিধি কাৰ্যকৰী নকৰি GVK-EMRIএ নিজ খেয়াল খুচিমতে কৰ্মচাৰীসকলক হাৰাশাস্তি কৰি আহিছে,’ শ্ৰমিক নেতাগৰাকীৰ অভিযোগ।

২০০৮ৰ পৰা ২০১৪ চনলৈ কৰ্মচাৰীসকলক প্ৰদান কৰি অহা দৰমহাৰ বাৰ্ষিক বৃদ্ধি (Annual Increment) ২০১৫-১৬ আৰু ২০১৬-১৭ বৰ্ষত প্ৰতিষ্ঠানটোৱে হঠাৎ বন্ধ কৰি দিয়াৰ পিছত কৰ্মচাৰীয়ে প্ৰতিবাদ কৰাত এই ধন মুকলি কৰি দিব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল। ‘কিন্তু এতিয়ালৈকে এই ধন মুকলি কৰি দিয়া নাই,’ দাবী দাসৰ।

Ramen Das general secretary all India trade union congress, assam state committee addressing media peoples at Guwahati press club on 23-08-18.pix by ub photos
এ আই টি ইউ চিৰ সংবাদমেল

কেৱল ইমানেই নহয় কৰ্মচাৰীসকলৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয়ভাৱে মানি চলা শ্ৰম আইনো কোম্পানিটোৱে উলংঘা কৰাৰ অভিযোগো উত্থাপন কৰিছে সংগঠনটোৱে।

‘GVK-EMRIয়ে কৰ্মচাৰীসকলক ৮ ঘন্টাৰ পৰিৱৰ্তে ১২ ঘন্টাকৈ  কাম কৰোৱাই শ্ৰম আইন উলংঘা কৰিছে। লগতে উচিত কামৰ বিনিময়ত উচিত মূল্য প্ৰদানৰ ক্ষেত্ৰতো কৰ্মচাৰীসকলক বঞ্চিত কৰি আহিছে,’ শ্ৰমিক নেতাজনৰ অভিযোগ।

কৰ্মচাৰীসকলৰ ক্ষেত্ৰত হৈ থকা অন্যায়ৰ লগতে এই জৰুৰীকালীন সেৱাটোত দুৰ্নীতি সংঘটিত হৈ থকাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।

এম্বুলেন্সৰ বাবে জনসাধাৰণে হাবাথুৰি খোৱা বুলি বহুসময়ত উঠা ৰাজহুৱা অভিযোগক মান্যতা প্ৰদান কৰি শ্ৰমিক নেতাজনে অভিযোগ কৰে যে একোখন এম্বুলেন্সৰ বাবে মাহে এক নিৰ্দিষ্ট ধন নিৰ্ধাৰিত কৰি ৰখা হয় আৰু সেই ধন শেষ হ’লে গাড়ীবোৰ বন্ধ কৰি ৰখা হয়।

‘একোখন ১০৮ আৰু ১০২ এম্বুলেন্সৰ ইন্ধনৰ বাবদ প্ৰতিমাহে ২০ হাজাৰ টকা প্ৰতিষ্ঠানটোৱে ধাৰ্য্য কৰে। মাহৰ শেষলৈ টকাৰ নাটনি হোৱা এম্বুলেন্সখন বন্ধ কৰি থয়,’ দাবী সংগঠনটোৰ।

তাৰোপৰি মাহত ৩০টা সেৱা সম্পূৰ্ণ কৰিলেও ‘বন্ধ কৰি থয়’ সংশ্লিষ্ট এম্বুলেন্সখন!

ইপিনে এই জৰুৰীকালীন সেৱাৰ কল চে’ন্টাৰৰ বৈদ্যুতিক সা-সৰঞ্জামসমূহো দীৰ্ঘদিন ধৰি মেৰামতি আৰু নবীকৰণ নোহোৱাৰ ফলত বিকল হোৱা বুলিও সংগঠনটোৱে জানিবলৈ দিয়ে।

স্বাস্থ্যৰ দৰে ২৪ ঘণ্টীয়া জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীসকলৰ কৰ্মবিৰতি The Essential Services Maintenance Actৰ জৰিয়তে নিষিদ্ধ। কিন্তু কোম্পানিৰ শোষণ আৰু চৰকাৰৰ উদাসীনতাত বিতুষ্ট এই বৃহৎসংখ্যক কৰ্মচাৰী আন্দোলনত নামিলে ৰাজ্যজুৰি জনসাধাৰণ যুদ্ধসদৃশ অনিশ্চয়তাত কটাব লগা হোৱাটো নিশ্চিত।

কি পদক্ষেপেৰে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে কোম্পানিক নাকী লগাব আৰু কৰ্মচাৰীক অসন্তুষ্টি আৰু ৰাইজক বিপদ শংকাৰ পৰা মুক্ত কৰিব?