NORTHEAST NOW (Assamese)
অসম

নগাঁৱত ‘গণতন্ত্ৰ’ৰ বাৰ্তাবাহক জিতেন শৰ্মাৰ স্মৃতি দিৱসত নাট্যশিল্পী-সাংবাদিক গৰাকীক স্মৰণ

Posted by: মিণ্টু দাস August 24, 2018 7:21 am
jiten sarma

”নাটক মানুহৰ মাজত অতি নিবিড়ভাৱে সোমাই পৰিছে। গাঁ‌ৱে-ভূঞে নাটকৰ চৰ্চা অব্যাহত আছে। মঞ্চৰ জৰিয়তে সমাজলৈ নাটকে এক শুভবাৰ্তা প্ৰেৰণ কৰে,”- এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ। বৃহস্পতিবাৰে বিশিষ্ট নাট্যশিল্পী, পৰিচালক আৰু সাংবাদিক জিতেন শৰ্মাৰ ২৫ বছৰীয়া মৃত্যু দিৱস উপলক্ষে আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

নগাঁৱৰ অধুনালুপ্ত ”গণতন্ত্ৰ” কাকতৰ সম্পাদক প্ৰয়াত জিতেন শৰ্মাৰ নাট্য কৰ্ম আৰু সাংবাদিকতাৰ বিষয়ে উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘’মই কলেজত থকা সময়ত গণতন্ত্ৰত প্ৰকাশৰ বাবে কবিতা লিখি জিতেন দাৰ হাতত দিছিলো। তাৰ পিছতেই কবিতাটো প্ৰকাশ পাইছিল। এনেদৰেই তেওঁৰ লগত মোৰ গভীৰ সম্পৰ্ক গঢ়ি উঠিছিল।‘’

ইয়াৰোপৰি তেওঁ জিতেন শৰ্মাৰ আদৰ্শৰ বিষয়ে উল্লেখ কৰি কয় যে অসম আন্দোলনৰ সময়ত তেওঁ যথেষ্ট সহায় কৰিছিল। প্ৰকৃতাৰ্থত তেওঁ এজন আপোনভোলা মানুহ আছিল। নিজৰ কাৰণে একো নিবিচৰা জিতেন শৰ্মাই আনক সহায় কৰি ভাল পাইছিল।

ভাষণ প্ৰসংগত মহন্তই অসমৰ নাট্য ক্ষেত্ৰখনত নগাঁৱৰ অৱদানৰ কথা উল্লেখ কৰি কয় যে নগাঁৱত সাৰদাকান্ত বৰদলৈ, চন্দ্ৰ ফুকনৰ দৰে ব্যক্তিয়ে নাট্য আন্দোলনক এক নতুন ৰূপ দিছিল। শিল্পী সমাজে নাটৰ মাজেদি সমাজ গঢ়ি তুলিব পাৰে। সমাজলৈ আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে। মানুহক মানুহ হিচাপে গঢ়ি তোলাত নাটকৰ জৰিয়তে শিল্পীয়ে সহায় কৰিব পাৰে। নাটকৰ মাজেৰে নিজক প্ৰতিষ্ঠা‌ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলি থাকে।

ভাষণ প্ৰসংগত বিশিষ্ট সাংবাদিক কুলদ্বীপ নায়াৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মহন্তই কয় যে অসমে এজন পৰম শুভাকাংক্ষীক হেৰুৱালে।

নগাঁৱৰ নাট্য মন্দিৰত অনুষ্ঠিত হোৱা জিতেন শৰ্মা মৃত্য বাৰ্ষিকী উদযাপন সমিতিৰ সভাপতি কানু বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মুখ্যবক্তা হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট নাট্যকাৰ ৰামকুমাৰ ভট্টাচাৰ্যই কয়, ‘’দুৰ্নীতি নিৰ্মূলৰ বাবে নগাঁৱৰ গণতন্ত্ৰ কাকতে প্ৰচেষ্টা চলাইছিল। এই ক্ষেত্ৰত কিছু সফলো হৈছিল। তেওঁ প্ৰয়াত জিতেন শৰ্মাৰ নাট্য কৰ্ম আৰু সাংবাদিকতাৰ বিষয়ে উল্লেখ কৰি কয় যে প্ৰকৃতাৰ্থত জিতেন শৰ্মা এজন নিৰ্ভীক ব্যক্তি আছিল।

প্ৰসংগক্ৰমে তেওঁ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে আজিকালি মিডিয়াই মানুহক ভয় খুৱাব নোৱাৰে। আনহাতে, ভট্টাচাৰ্যই জিতেন শৰ্মাৰ চেষ্টাত মাত্ৰ তিনিশ টকাৰে চিনেমা নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে। সভাত উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই প্ৰয়াত জিতেন শৰ্মাই সাংবাদিকতাৰ ক্ষেত্ৰখনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰে। জিতেন শৰ্মাৰ নাট্যকৰ্মৰ কথা উল্লেখ কৰি শৰ্মাই নগাঁৱৰ নাট্য আন্দোলনক গতিশীল কৰাত জিতেন শৰ্মাৰ অৱদান উল্লেখনীয় আছিল বুলি মন্তব্য কৰে।

সভাত চলচিত্ৰ নিৰ্মাতা পুলক গগৈ, গায়িকা মণিষা হাজৰিকা, যুক্তিনাথ খাউণ্ড, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা আদিয়ে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে জিতেন শৰ্মাৰ সোঁ‌ৱৰণত প্ৰকাশ কৰা স্মাৰক গ্ৰন্থ উন্মোচন কৰে সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে।অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত শৰ্মাৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে শৰ্মাৰ বাল্যবন্ধু মুকুল শইকীয়া, শৰ্মাৰ পত্নী আৰতি শৰ্মা আৰু গায়িকা মণিষা হাজৰীকাই। শৰ্মাৰ জীয়ৰী ইন্দ্ৰানী শৰ্মা গোস্বামীয়ে সভাত মংগলাচাৰণ পৰিবেশন কৰে। সন্ধ্যা  নাট্যনুষ্ঠান অনুষ্ঠিত হয়।