NORTHEAST NOW (Assamese)
অসম

হাইলাকান্দিত নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ দ্বাৰা জীৱন দক্ষতা প্ৰশিক্ষণ শিবিৰৰ আয়োজন

Posted by: ৰাহুল চক্ৰবৰ্তী August 24, 2018 5:28 pm
IMG-20180824-WA0007

হাইলাকান্দিত এটা কিশোৰ-কিশোৰীৰ বাবে জীৱন দক্ষতা প্ৰশিক্ষণ শিবিৰৰ ( Life Skill Training for Adolescent Youth) আয়োজন কৰা হৈছে। ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ পৃষ্ঠপোষকতাত এই শিবিৰটোৰ আয়োজন কৰিছে নেহৰু যুৱ কেন্দ্ৰ সংগঠনে। আজি আৰম্ভ হোৱা অনাৱাসিক (non-residential) জীৱন দক্ষতা প্ৰশিক্ষণ শিবিৰৰ অহা ৩০ আগষ্টত সামৰণি পৰিব বুলি উদ্যোক্তসকলে জনাইছে। এই শিবিৰটো বিষয়াসকলঅৱসৰ বিনোদন ক্লাবত আয়োজন কৰা হৈছে।

এই প্ৰশিক্ষণ শিবিৰটোত ১০ৰ পৰা ১৯ বছৰৰ ভিতৰৰ ৪০ গৰাকী কিশোৰ-কিশোৰীয়ে যোগদান কৰিছে।

শিবিৰটো উদ্বোধন কৰিছে স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সচিব ড০ অভিজিৎ বসুৱে। উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল বিদ্যালয় পৰিদৰ্শক ৰাজীৱ কুমাৰ ঝা, পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জে ইছলাম।

ইয়াৰ পূৰ্বে নেহৰু যুৱ কেন্দ্ৰ সংগঠনৰ জিলা সমন্বয়ক শেখৰ ৰঞ্জন দেবে ‘জীৱন দক্ষতা’ক দৈনন্দিন জীৱনৰ বিভিন্ন প্ৰয়োজন আৰু পৰিৱৰ্তনৰ সৈতে তাল মিলাই চলিবলৈ তথা ইতিবাচক আচৰণেৰে পৰিস্থিতিৰ সৈতে দক্ষতাৰে মুখামুখি হ’বলৈ প্ৰদান কৰা ক্ষমতা বুলি ব্যাখ্যা কৰিছে বিশ্ব স্বাস্থ্য সন্থাই। তেওঁ আৰু কয়, ‘বহলাই ক’বলৈ হ’লে জীৱন দক্ষতাৰ তিনিটা ক্ষেত্ৰ আছে  সেয়া হৈছে চিন্তাৰ দক্ষতা, সামাজিক দক্ষতা আৰু বন্দোৱস্ত কৰাৰ দক্ষতা।’