NORTHEAST NOW (Assamese)
অসম

উৎকোচ লোৱাৰ অভিযোগ : চিৰাঙৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত বিনোদ কুমাৰ ডেকাক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ August 25, 2018 9:48 am
arrest-2-570x320

অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই শুকুৰবাৰে অসম অসামৰিক সেৱাৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াক গুৱাহাটীত গ্ৰেপ্তাৰ কৰে। ঠিকাদাৰৰ বিলৰ অনুমোদনৰ নামত এবছৰ পূৰ্বে উৎকোচ লোৱাৰ অভিযোগত  গ্ৰেপ্তাৰ হোৱা বিষয়াজন হৈছে বিনোদ কুমাৰ ডেকা।

বৰ্তমান চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা ডেকাই চিৰাং জিলাত উপায়ুক্ত হৈ থকাৰ সময়ত ঠিকাদাৰৰ পৰা ৩০ হাজাৰ টকা উৎকোচ হিচাপে লৈছিল। গুৱাহাটীৰ বৰবাৰীৰ শ্ৰীজনী এপাৰ্টমেণ্টৰ বাসিন্দা চম্পা বসুমতাৰীয়ে বিগত বৰ্ষৰ ২২ ছেপ্টেম্বৰতে বিনোদ কুমাৰ ডেকাৰ বিৰুদ্ধে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাত এখন এজাহাৰ দাখিল কৰিছিল।

উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৭/১৩(১)(ডি), ১৩(২)ধাৰাত গোচৰ ৰুজু কৰা হৈছিল। আনহাতে, অভিযোগকাৰীয়ে এজাহাৰ দাখিল কৰাৰ লগতে উৎকোচ গ্ৰহণৰ ভিডিঅ’ ফুটেজো দাখিল কৰিছিল। উক্ত তথ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি শুকুৰবাৰে আবেলি অৱসৰপ্ৰাপ্ত উপায়ুক্ত ডেকাক গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীয়ে আজি ধৃত ডেকাক বিশেষ আদালতত হাজিৰ কৰাব বুলি জানিবলৈ দিছে।

উল্লেখযোগ্য যে দুৰ্নীতিৰ বিৰুদ্ধে বৰ্তমান চৰকাৰৰ শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি আৰক্ষীয়ে এনে বহু বিষয়াৰ বিৰুদ্ধে অভিযান চলোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। অৱশ্যে এই নীতি সকলোৰে বাবে সমানে প্ৰযোজ্য হোৱাৰ লগতে এতিয়াও বহু বিভাগত গোপনে চলি থকা দুৰ্নীতিৰ বিৰুদ্ধেও কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰে ৰাইজে।