NORTHEAST NOW (Assamese)
অসম

চন্দ্ৰপুৰৰ পাণবাৰী ষ্টেশ্যনৰ সমীপৰ কুৰকুৰীয়াত মালবাহী ৰে’ল দুৰ্ঘটনাগ্ৰস্ত : ৰে’ল চলাচল ব্যাহত

Posted by: এন ই নাও নিউজ August 25, 2018 2:59 pm
goods-train-570x320

গুৱাহাটী মহানগৰীৰ উপকণ্ঠ অঞ্চল চন্দ্ৰপুৰৰ পাণবাৰী ষ্টেশ্যনৰ সমীপৰ কুৰকুৰীয়াত এখন মালবাহী ৰে’ল আজি দিনৰ ১১-২০ মিনিটত দুৰ্ঘটনাগ্ৰস্ত হয়। লামডিঙৰ পৰা গুৱাহাটী অভিমুখী মালবাহী এক্সপ্ৰেছখন লাইনচ্যুত হৈ বাগৰি পৰে।

দুৰ্ঘটনাগ্ৰস্ত ৰে’লখনৰ মুঠ ৫২ টা দবাৰ মাজৰ ২৬ টা দবাই লাইনৰ কাষত আৰু লাইনতে বাগৰি পৰে। জানিব পৰা মতে ৰে’লখনৰ দবাসমূহ খালী আছিল।

এক সূত্ৰই জানিবলৈ দিয়া মতে দ্ৰুতগতিত অহাৰ বাবেই ৰে’লখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ সন্দেহ কৰা হৈছে।

ইতিমধ্যে ঘটনাস্থলীত ৰে’ল বিভাগৰ লোক উপস্থিত হৈছে আৰু প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰিছে। ৰে’ল বিভাগৰ পৰা দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে এতিয়ালৈএকো জানিব দিয়া নাই।

আনহাতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈ পৰা ট্ৰেক নিৰ্মাণৰ বাবে যিহেতু বহু সময়ৰ প্ৰয়োজন হ’ব সেয়েহে এই পথেৰে উজনি নামনিৰ ৰে’ল চলাচল সম্প্ৰতি বন্ধ ৰখা হৈছে।