NORTHEAST NOW (Assamese)
অসম

বিদেশীৰ লগতে স্বদেশীৰ আগ্ৰাসনেও ভাবুকি আনিছে অসমৰ খিলঞ্জীয়াৰ অস্তিত্বলৈ: পলাশ চাংমাই

Posted by: অনিৰ্বাণ পাঠক August 25, 2018 11:13 pm
palash changmai

অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতেই চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড আদিত বহিৰাগতৰ বিৰুদ্ধে একাংশ জাতীয় সংগঠনে তীব্ৰতৰ অভিযান চলাই আছে। একেই সময়তে অসমতো পূৰ্বৰে পৰা আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবী কৰি অহা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিষয়টোক লৈ অধিক তৎপৰ হৈ উঠিছে।

শনিবাৰে এই বিষয়টো লৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিয়ে চানমাৰিৰ পেঞ্চনাৰ ভৱনত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰে।

অলোচনা চক্ৰত ভাগ লৈ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়, ‘অসমত বিদেশী প্ৰব্ৰজনৰ সমান্তৰালভাৱে স্বদেশী আগ্ৰাসনেও খিলঞ্জীয়া অসমীয়া মানুহৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আনিছে। অসমত বিদেশী প্ৰব্ৰজনৰ বাবেই জনসংখ্যা বৃদ্ধি হোৱা নাই, বৰং স্বদেশী আগ্ৰাসনৰ বাবেও জনসংখ্যা বৃদ্ধি হৈছে।’

তেওঁ লগতে কয় যে ভাৰতৰ সংবিধান বিভিন্ন দফাৰ জৰিয়তে ভাৰতৰ কেবাখনো ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সুৰক্ষা দিব পৰা ব্যবস্থা প্ৰৱৰ্তন হৈছে। তেনে ব্যৱস্থা অসমতো অত্যন্ত জৰুৰী বুলি মত পোষণ কৰি তেওঁ কয় যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৰি অহা আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী বৰ্তমান অতি প্ৰাসংগিক হৈ পৰিছে।

এই আলোচনা চক্ৰত উপস্থিত থাকি বিশিষ্ট লেখক ময়ূৰ বৰাই কয়, ‘পূৰ্বতে মই আন্তঃৰাজ্যিক পাৰপত্ৰ কিয় লাগে বুলি ভাবিছিলো। এখন গণতান্ত্ৰিক দেশৰ ভিতৰত এখন ৰাজ্যৰ মানুহ আনখন ৰাজ্যলৈ গ’লে পাৰপত্ৰ বা কিবা অনুমতি লোৱাৰ প্ৰয়োজনীয়তাৰ মই বিৰোধীতা কৰিছিলো। মই এক অন্ধ উদাৰতাবাদত মগ্ন আছিলো। কিন্তু যোৱা এটা মাহত মই মোৰ ভুল বুজি পালো।’

ইয়াৰ উপৰিও তেওঁ কয় যে অসমীয়া মানুহে অকলেই নিজৰ অস্তিত্ব ৰক্ষাৰ যুঁজখন চলাই নিবলগীয়া হৈছে। ভাৰতৰ কোনো ৰাজনৈতিক দলে নিজৰ স্বাৰ্থ নাথাকিলে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ কথা চিন্তা নকৰে বুলি তেওঁ মন্তব্য কৰে।