NORTHEAST NOW (Assamese)
অসম

পি এম এ ৱাইৰ গৃহ আৱণ্টনত বৃহৎ কেলেংকাৰি : বিলাসীপাৰাৰ বিডিঅ’ লক্ষ্যহীৰা দাসক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ August 26, 2018 11:05 am
বিডিঅ' গ্ৰেপ্তাৰ

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগত শনিবাৰে বিলাসীপাৰা উন্নয়ন খণ্ডৰ বিডিঅ’ লক্ষ্যহীৰা দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে বিলাসীপাৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত উদমাৰী গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত বৃহৎ কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগৰ ভিত্তিত বিলাসীপাৰাৰ মহকুমাধিপতি ৰোহান কুমাৰ ঝাই এক তদন্তৰ নিৰ্দেশ জাৰি কৰাৰ পাছত ৰাজহচক্ৰ বিষয়া ছৰফৰাছ হকে চৰজমিন তদন্ত কৰি প্ৰতিবেদনৰ লগতে এখন এজাহাৰ দাখিল কৰে।

উক্ত এজাহাৰ মতে পঞ্চায়তখনৰ খুদি গাঁওৰ বাসিন্দা খেছকাৰ আলীৰ কন্যা ছাহিদা বিবিৰ নামত আবণ্টিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ ধন একেখন গাঁৱৰ আওৱাল হকৰ পত্নী ছাহিদা বিবিকহে আদায় দিয়া হয়। ধনৰ বিনিময়তে এই কেলেংকাৰি সংঘটিত হোৱা বুলি কোৱা হৈছে।

আনহাতে, কেলেংকাৰিটো সন্দৰ্ভত বিডিঅ’ৰ লগতে পঞ্চায়তখনৰ সচিব ছফিয়ৰ ৰহমান, কনিষ্ঠ অভিযন্তা হিৰণ্য কলিতা আৰু গাণনিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ বিৰুদ্ধে শুকুৰবাৰে বিলাসীপাৰা থানাত এখন এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত বিলাসীপাৰা থানাত আৰক্ষীয়ে ১০১০/১৮ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধিৰ অধীনত ১২০(বি)/৪০৬/৪০৯/৪৬৬/৪৬৮/৪৭১/৪২০ ধাৰাত গোচৰ পঞ্জীভুক্ত কৰে।

উক্ত গোচৰৰ ভিত্তিতে অভিযুক্ত বিডিঅ’ লক্ষ্যহীৰা দাস চৌধুৰীক শনিবাৰে উদমাৰী গাঁও পঞ্চায়তৰ এন আৰ চি সেৱা কেন্দ্ৰৰ পৰা গ্ৰেপ্তাৰ কৰি থানালৈ আনে। কেলেংকাৰিত জড়িত আন তিনি অভিযুক্ত বৰ্তমান পলাতক হৈ আছে বুলি জানিব পৰা গৈছে।