NORTHEAST NOW (Assamese)
অসম

এছিয়াৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ হিমা : ৫০.৭৯ ছেকেণ্ডেৰে মহিলাৰ ৪০০ মিটাৰত ৰূপৰ পদক

Posted by: এন ই নাও নিউজ August 26, 2018 5:53 pm
hima das assam

ব্যক্তিগত শ্ৰেষ্ঠ সময় মানেৰে অসমৰ হিমাই মহিলাৰ ৪০০ মিটাৰত ভাৰতৰ বাবে আঁজুৰি আনিলে ৰূপৰ পদক। আজিৰ দৌৰৰ জৰিয়তে হিমাই ২২ বছৰৰ পিছত ভাৰতক মহিলাৰ ৪০০ মিটাৰত ৰূপৰ পদকৰ সোৱাদ দিলে। আনহাতে এছিয়ান গেইমছত পদক জয় কৰা অসমৰ তৃতীয়গৰাকী খেলুৱৈত পৰিণত হ’ল হিমা।

আজি হিমাই স্বৰ্ণ জয়ৰ লক্ষ্যেৰে দৌৰিছিল যদিও দ্বিতীয় স্থানতে ৰয় উদীয়মান দৌৰৰাণীগৰাকী। অৱশ্যে ছেমিত উন্নত কৰা নিজৰ ব্যক্তিগত সময় মান আজিও উন্নত কৰে হিমাই।

হিমাৰ মূল প্ৰতিদ্বন্দ্বী তথা এছিয়ান গেইমছ ৰেকৰ্ডৰ অধিকাৰী বাহৰেইনৰ শ্বালৱা নাছীৰে (Salwa Naser) ৫০.০৯ ছেকেণ্ডেৰে স্বৰ্ণপদক দখল কৰে। আনহাতে কাজাখাস্তানৰ এলিনা মিখিনাই (৫২.৬৩) ব্ৰঞ্জৰ পদক পায়।

অসমৰ ভোগেশ্বৰ বৰুৱাই ১৯৬৬ চনত ৮০০ মিটাৰত স্বৰ্ণপদক জয় কৰাৰ আধা শতিকাৰো পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ট্ৰেকত অসমৰ খেলুৱৈৰ পুনৰ সফলতাৰ ইতিহাস লিখিলে হিমাই।