NORTHEAST NOW (Assamese)
প্ৰতিৱেশী

আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তি বিনষ্ট সত্ত্বেও ক’ব্ৰা গ’ল্ড সামৰিক অনুশীলনত অংশ ল’বলৈ আমন্ত্ৰণ লাভ ম্যানমাৰৰ

Posted by: এন ই নাও নিউজ December 24, 2017 7:12 pm

ৰহিঙীয়াৰ সংখ্যালঘু নিৰ্যাতন বিষয়টোত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ভাবমূৰ্তি বিনষ্ট হোৱা তথা তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা সত্ত্বেও ম্যানমাৰৰ সেনাই থাইলেণ্ডত হ’ব লগীয়া গুৰুত্বপূৰ্ণ ক’ব্ৰা গ’ল্ড সামৰিক অনুশীলনত অংশ ল’বলৈ আমন্ত্ৰণ লাভ কৰিছে। উল্লেখ কৰিব পাৰি যে ক’ব্ৰা গ’ল্ড অনুশীলন আমেৰিকা আৰু থাইলেণ্ডৰ সেনাই যুটীয়াভাৱে কৰে আৰু থাইলেণ্ডত প্ৰতিবছৰে হোৱা এই অনুশীলন হ’ল এছিয়া-পেচিফিক সামৰিক অনুশীলন। এইটো হ’ল বৃহত্তম এছিয়া-পেচিফিক সামৰিক অনুশীলন, য’ত আমেৰিকাই অংশগ্ৰহণ কৰে।
জানিব পৰা মতে এইবাৰৰ অনুশীলনলৈ থাইলেণ্ডে ম্যামাৰকো আমন্ত্ৰণ কৰিছে। ম্যানমাৰ সেনাই অনুশীলনটোৰ মানৱীয় সাহায্য আৰু দুৰ্য্যোগ প্ৰশমন অংশটো নিৰীক্ষণ কৰিব। ম্যানমাৰ সেনালৈ অহা এই নিমন্ত্ৰণে সকলোৰে দৃষ্টি আকৰ্ষণ এইবাবেই কৰিছে যে অলপতে দেশখনৰ সেনাই সংখ্যালঘু ৰহিঙীয়া মুচলমানৰ বিৰুদ্ধে নৃগোষ্ঠীয় নিৰ্মূলকৰণত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল।
আনহাতে আন এটা সূত্ৰই জনোৱা মতে ম্যানমাৰৰ এই অংশগ্ৰহণত আমেৰিকা সুখী নহয়। কাৰণ ৰহিঙীয়া সংকট বিষয়ত আমেৰিকা ম্যানমাৰ সেনাৰ ভূমিকাত ক্ষুণ্ণ আছিল আৰু সমালোচনাত সৰব আছিল।
উল্লেখযোগ্য যে ট্ৰাম্প প্ৰশাসনে ম্যানমাৰৰ সেনা প্ৰধান মৌং মৌং চুইৰ বিৰুদ্ধে নিষেধাজ্ঞা ঘোষণা কৰাৰ পিছতে থাইলেণ্ডে ম্যানমাৰক যুটীয়া সামৰিক অনুশীলনলৈ আমন্ত্ৰণ কৰাৰ বাতৰিটো প্ৰচাৰিত হৈছে।