NORTHEAST NOW (Assamese)
অসম

মহানগৰৰ ডাউন টাউনৰ মথুৰা নগৰত গুৱাহাটী পৌৰ নিগমৰ অভিযান

Posted by: কল্পজ্যোতি শইকীয়া August 27, 2018 3:10 pm
GMC

মহানগৰৰ ডাউন টাউনৰ মথুৰা নগৰত গুৱাহাটী পৌৰ নিগমে এক অভিযান চলাই চাৰিখনকৈ দোকান বন্ধ ৰখাৰ বাবে জাননী জাৰি কৰিলে।

উল্লেখযোগ্য যে আজি দিনৰ ভাগত গুৱাহাটী পৌৰ নিগমে মথুৰা নগৰত এক অভিযান চলাই চাৰিওখন দোকানৰে অনুজ্ঞাপত্ৰ নথকাৰ বাবে বন্ধ ৰাখিবলৈ জাননী প্ৰেৰণ কৰে।

অভিযানকালত গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মনালিছা গোস্বামী নিজে উপস্থিত থাকি ব্যৱসায়ীসকলক অনুজ্ঞাপত্ৰ নবনোৱা পৰ্যন্ত দোকান বন্ধ ৰাখিবলৈ জাননী জাৰি কৰিছে।

লগতে যদি দোকান বন্ধ নাৰাখে তেতিয়া জিএমচি কৰ্তৃপক্ষই দুই-তিনিদিনৰ ভিতৰত দোকানকেইখন ছীল কৰি দিম বুলিও সকীয়াই দিয়ে।

দুপৰীয়া ১২.৩০ বজাত গুৱাহাটী পৌৰ নিগমে চলোৱা অভিযান কালত জিমচি কৰ্তৃপক্ষই ব্যৱসায়ী সকলে জাবৰ-জোথৰ সমূহ সমীপৰ নলাত পেলোৱা বুলিও ব্যৱসায়ীসকলৰ ওপৰত অভিযোগ তোলে। অৱশ্যে ব্যৱসায়ী সকলে এই অভিযোগ অস্বাকীৰ কৰিছে।

আনহাতে অভিযানকালত গুৱাহাটী পৌৰ নিগমে উক্ত অঞ্চলৰ বাট-পথত থকা বিভিন্ন বেনাৰ সমূহ ফালি পেলায়।