NORTHEAST NOW (Assamese)
অসম

বৰপেটাৰ চাপাৰবড়ি হাইস্কুলত মধ্যাহ্ন ভোজনৰ নামত ব্যাপক অনিয়ম

Posted by: এন ই নাও নিউজ August 30, 2018 1:35 pm
1296236_Wallpaper2-570x320

বজালী মহকুমাৰ অন্তৰ্গত বৰপেটা জিলাৰ চাপাৰবড়ি হাইস্কুলত মধ্যাহ্ন ভোজনৰ নামত চৰম অনিয়ম সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে।

জানিব পৰা মতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আইনুল হক চৌধুৰী আৰু স্থানীয় গাঁওবাসীৰ একাংশ আশীৰ্বাদপুষ্ট মুখিয়ালৰ সহায়ত সংঘটিত হৈ আছে এই ব্যাপক কেলেংকাৰী।

উল্লেখযোগ্য যে বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি নগণ্য হ’লে প্ৰধান শিক্ষকৰ নিৰ্দেশ অনুযায়ী সেইদিনা বিদ্যালয়খনত বন্ধ ৰাখে মধ্যাহ্ন ভোজন। ছাত্ৰ-ছাত্ৰীসকলক মাহত মাত্ৰ তিনিদিন বা চাৰিদিন হে মধ্যাহ্ন ভোজন প্ৰদান কৰা হয় বুলি ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে জানিবলৈ দিয়ে।

তাৰোপৰি মধ্যাহ্ন ভোজনৰ হিচাপ নিকাচ প্ৰধান শিক্ষক আৰু গাঁওখনৰ কিছু সংখ্যক লোকৰ সহায়ত চলি থকাৰো গুৰুতৰ অভিযোগ আনে একাংশ সচেতন লোকে।

এই সন্দৰ্ভত স্থানীয় ৰাইজে উৰ্ধতম কৰ্তৃপক্ষক অভিযোগ উত্থাপন কৰিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয়খনৰ দালালৰূপী প্ৰধান শিক্ষকৰ বিৰুদ্ধে আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ আনিছে।

ইফালে প্ৰধান শিক্ষকে মধ্যাহ্ন ভোজনৰ নামত বৃহৎ সংখ্যক ধন বছৰ বছৰ ধৰি স্থানীয় একাংশৰ সহযোগত আত্মসাৎ কৰি আছে। এই সন্দৰ্ভত ৰাইজে প্ৰধান শিক্ষক আইনুল হক চৌধুৰীক প্ৰশ্ন কৰিলে ভয় ভাবুকি প্ৰদান কৰে বুলিও একাংশই অভিযোগ উত্থাপন কৰে।