NORTHEAST NOW (Assamese)
অসম

বন্যহস্তীৰ আক্ৰমণত চামগুৰিৰ উদমাৰীত এজন লোক নিহত

Posted by: মিণ্টু দাস August 30, 2018 3:52 pm
বন্যহস্তীৰ আক্ৰমনত নিহত

একমাত্ৰ বনাঞ্চল সংকুচিত হোৱা আৰু খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহাৰ পৰিণতিতেই দিনক দিনে হাতী আৰু মানুহৰ সংঘাত বৃদ্ধি পাই আহিছে। ইয়াৰ ফলত বিশেষকৈ মানুহেই বেছিকৈ প্ৰাণ বিসৰ্জন দিবলগীয়া হয় যদিও দুই-এক বনৰীয়া হাতীৰো মৃত্যু হৈছে।

এনে এক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ চামগুৰিৰ উদমাৰীত। আজি পুৱাই হস্তী-মানুহৰ সংঘাতৰ কৰুণ পৰিণতিত অৰ্জুন তাঁ‌তী নামৰ এজন ৬৫ বছৰীয়া বৃদ্ধ নিহত হয়।

জানিব পৰা মতে, অৰ্জুন তাঁ‌তী নামৰ লোকজন পুৱাই পথাৰলৈ গৈ থকা অৱস্থাত বন্যহস্তীয়ে আক্ৰমণ কৰে লোকজনক। আহত লোকজনক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে।

আনহাতে, বন্যহস্তীৰ এই আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে নিহত অৰ্জুন তাতীৰ পুত্ৰ আৰু বোৱাৰীৰ। অৰ্জুন তাঁ‌তীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ‌ পৰিছে আৰু স্থানীয় ৰাইজে সংশ্লিষ্ট পক্ষক হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।