চিয়াং নদীৰ দ্বীপত আবদ্ধ হৈ পৰা অসমৰ খুঁটীয়াসকলক পৰিয়ালসহ বায়ুসেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ

২৪ ঘণ্টা ধৰি চিয়াং নদীৰ দ্বীপত আবদ্ধ হৈ থকা অসমৰ খুঁটীয়াসকলক তেওঁলোকৰ পৰিয়ালসহ বৃহস্পতিবাৰে পুৱতিনিশা বায়ুসেনাই হেলিকপ্তাৰৰ সহায়ত উদ্ধাৰ কৰিছে।

ছিলে অ’য়ান ৰাজহচক্ৰৰ অন্তৰ্গত জামপানীত থকা উক্ত দ্বীপত এই খুঁটীয়াসকলে দীৰ্ঘদিন ধৰি গৰু-গাই পুহি পৰিয়ালৰ সৈতে বাস কৰি আহিছিল। কিন্তু চিয়াং নদীৰ অভাৱনীয় আৰু অস্বাভাৱিক বানে এই ঠাইখনো আন ঠাইৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন কৰি পেলায়। লগতে নাও বা ফেৰিৰে তেওঁলোকৰ সৈতে যোগাযোগ কৰা বা তেওঁলোকক অনাটো অসম্ভৱ হৈ পৰিছিল।
ফলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে ইষ্ট চিয়াং জিলা প্ৰশাসনে বায়ুসেনাৰ সহায় বিচৰাত ডিব্ৰুগড়ৰ মোহনবাৰীৰ পৰা বায়ুসেনাই এখন মিগ-১৭ হেলিকপ্তাৰ পঠিয়াই তেওঁলোকক উদ্ধাৰ কৰে।
প্ৰশাসনে জনোৱামতে, লোককেইজনক নাৱেৰে উদ্ধাৰৰ বাবে চেষ্টা চলাইছিল যদিও চিয়াং নৈৰ ভয়াৱহ ঢৌৰ বাবে ঘটনাস্থলীত অভিযান চলোৱা অসম্ভ হৈ পৰিছিল।
ইষ্ট চিয়াং জিলাৰ প্ৰশাসনে জনোৱামতে, এই অভিযানটোত তাত আবদ্ধ হৈ থকা ১৯জন লোকক উদ্ধাৰ কৰা হয়। এতিয়াও বহুকেইজন লোক দ্বীপটোত আবদ্ধ হৈ থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে পূব চিয়াং জিলাৰ উপায়ুক্ত টি তাতকে।

উল্লেখ্য যে অস্বাভাৱিক কাৰণত অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চিয়াং নদীত জলস্তৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। জলস্তৰ অস্বাভাৱিক বৃদ্ধিৰ এই পৰিঘটনাটোৰ সৈতে চীনৰ নদীবান্ধৰ কিবা সম্পৰ্ক আছে নে নাই সেই কথা এতিয়াও জানিব পৰা হোৱা নাই। নদীখনত জলস্তৰ বৃদ্ধিৰ সমান্তৰালভাৱে দেখা গৈছে সাগৰৰ দৰে বৃহৎ ঢৌৰ আৱিৰ্ভাৱ।
নদীখনৰ অস্বাভাৱিক গতি-বিধিক মন কৰি ইষ্ট চিয়াং প্ৰশাসনে নদীখনত গাধোৱা, মাছমৰা বা অন্যান্য কামৰ পৰা স্থানীয় লোকক বিৰত থাকিবলৈ সতৰ্ক কৰি দিছিল।