NORTHEAST NOW (Assamese)
জীৱনশৈলী

গাজৰৰ আছে অনেক স্বাস্থ্য উপকাৰিতাঃ জানেনে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 27, 2024 9:37 pm
Carrots Health Benefits

নিজকে সুস্ত্হ, সবল তথা নিৰোগী শৰীৰৰ অধিকাৰী কৰি ৰখাত গুৰুত্ব দিয়া স্বাস্থ্য সচেতক লোকসকলৰ খাদ্য তালিকাত সততে স্থান পোৱা এবিধ পাচলি হৈছে গাজৰ।

গাজৰত থকা স্বাস্থ্য উপকাৰী গুণসমূহৰ বাবেই আমাৰ খাদ্য তালিকাত গাজৰ থকাটো প্ৰয়োজনীয়। কেঁচাই হওক বা সিজাই বা আঞ্জা কৰি, গাজৰ খালে আমি বহু দিশত উপকাৰিতা লাভ কৰোঁ।

চাওঁ আহক গাজৰৰ কিছু উপকাৰী গুণঃ

১/ গাজৰত কম পৰিমাণৰ কেলৰি থাকে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে, সেয়ে গাজৰ খোৱাৰ পিছত বহু সময়লৈ পেট পূৰ্ণ হৈ থাকে। সেয়েহে গাজৰ ওজন নিয়ন্ত্ৰণত সহায়ক হয়।

২/ গাজৰ দেহৰ বাবে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদানৰে ভৰপূৰ। সেয়ে ই পাচনতন্ত্ৰৰ স্বাস্থ্য বৃদ্ধিতো সহায় কৰিব পাৰে।

৩/ গাজৰত ভিটামিন এ- প্ৰচুৰ পৰিমাণে থকাৰ বাবে ই চকুৰ বাবে অত্যন্ত উপকাৰী।

৪/ গাজৰত চেনিৰ পৰিমাণ কম হোৱাৰ বাবে ডায়েবেটিছ ৰোগীয়েও নিজৰ খাদ্য তালিকাত গাজৰ ৰাখিব পাৰে।

৫/ গাজৰে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ উন্নতি আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।

৬/ গাজৰত থকা ভিটামিন চি- এ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে।