NORTHEAST NOW (Assamese)
Popular Stories

নাইট্ৰজেন গেছ ব্যৱহাৰ কৰি কাৰ্যকৰী মৃত্যুদণ্ড; অন্তিম ২২ মিনিট ধৰি ছটফটাইছিল অপৰাধী!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 28, 2024 8:11 am

শেহতীয়াকৈ আমেৰিকাৰ আলাবামা ৰাজ্যত নাইট্ৰ’জেন গেছ ব্যৱহাৰ কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে কেনেথ স্মিথ নামৰ এজন হত্যাকাৰীক।

উল্লেখ্য যে ২০২২ চনত সংশ্লিষ্ট কৰ্তৃপক্ষই কেনেথৰ মৃত্যুদণ্ড প্ৰথম পৰ্যায়ত প্ৰাণনাশী বেজীৰে সম্পন্ন কৰিবলৈ চেষ্টা কৰিছিল। পিছলৈ অৱশ্যে বেজী দি মৃত্যুদণ্ড দিয়াৰ ক্ষেত্ৰত স্থগিতাদেশ আহে। তাৰ পিছত আলোচনাৰ জৰিয়তে কেনেথ স্মিথক নাইট্ৰজেন গেছৰ দ্বাৰা মৃত্যুদণ্ড দিয়াৰ সিদ্ধান্ত হয়। কেনেথে এগৰাকী মহিলাক তেওঁৰ স্বামীৰ নিৰ্দেশত হত্যা কৰিছিল।

এই সন্দৰ্ভত কাৰাগাৰৰ বিষয়াসকলে জনোৱা মতে, ২৫ জানুৱাৰীৰ নিশা ৮:২৫ বজাত কেনেথক মৃত ঘোষণা কৰা হৈছে। ফাঁচীৰ দায়িত্বত আছিল দুজন কৰ্মী। ষ্ট্ৰেচাৰত শুৱাই কেনেথক বিশেষ মাস্ক পিন্ধাই দিয়া হৈছিল। এই মাস্ক পিন্ধি থকা অৱস্থাত অক্সিজেন চলাচলৰ কোনো সুযোগ নাছিল।

লগতে পঢ়কঃ কাজিৰঙাৰ গঁড় হত্যাৰ বাবে মণিপুৰৰ পৰা অনা হৈছিল শ্বুটাৰ! পোহৰলৈ চাঞ্চল্যকৰ তথ্য

মৃত্যুদণ্ড প্ৰক্ৰিয়াৰ সাক্ষী হিচাপে পাঁচজন সাংবাদিকে নিজ চকুৰে এই ঘটনা প্ৰত্যক্ষ কৰে। কাঁচৰ বেৰৰ সিটো ফালৰ পৰাই তেওঁলোকে সমগ্ৰ প্ৰক্ৰিয়াটো চাই থাকে।

এগৰাকী সাংবাদিকে কয়, “নাইট্ৰ’জেন প্ৰয়োগ কৰাৰ পিছতো মৃতক কেইমিনিটমান সজ্ঞান হৈ আছিল। তাৰ পিছত তেওঁ লৰচৰ কৰিবলৈ ধৰিলে আৰু দুমিনিটমান ষ্ট্ৰেচাৰত ছটফটাই থাকিল। তাৰ পিছত তেওঁক কেইমিনিটমান দীঘলকৈ উশাহ লোৱা দেখা গ’ল। তেওঁৰ উশাহ-নিশাহ লাহে লাহে লেহেমীয়া হৈ আহে আৰু তেওঁ নিথৰ হৈ পৰিল।”

প্ৰত্যক্ষদৰ্শীয়ে লগতে কয় যে মাস্কৰ জৰিয়তে দেহত নাইট্ৰ’জেন সৰবৰাহ আৰম্ভ কৰাৰ পূৰ্বে স্মিথে শেষবাৰৰ বাবে বক্তৱ্য ৰাখিছিল। কেনেথে কয় যে `আলাবামা কৰ্তৃপক্ষই আজি ৰাতি মানৱতাৰ পাঠ অস্বীকাৰ কৰিলে।‘ স্মিথৰ পত্নী আৰু অন্যান্য আত্মীয় ঘটনাস্থলীত উপস্থিত আছিল। তেওঁলোকক উদ্দেশ্যি স্মিথে কয়, ‘মই প্ৰেম, শান্তি আৰু আনন্দৰে পৃথিৱী এৰি যাওঁ। তোমালোক সকলোলৈকে ভালপোৱা থাকিল।’

লগতে পঢ়কঃ অনন্য, অনবদ্য! ইতিহাস ৰচি অষ্ট্ৰেলিয়ান অ’পেনৰ ডাবলছ্ খিতাপ জয় বোপান্নাৰ

মৃত্যুদণ্ডৰ পিছত আলাবামাৰ কাৰেকচনছ আয়ুক্ত জন হামে এখন সংবাদমেলত অংশগ্ৰহণ কৰে। তাত তেওঁক সোধা হৈছিল যে স্মিথে যিদৰে ষ্ট্ৰেচাৰত ছটফটাই আছিল, সেইটো মানৱীয় আছিল নেকি? এই প্ৰশ্নৰ উত্তৰত হামে কয়, ‘স্মিথে যেন যিমান পাৰি সিমান সময় উশাহ বন্ধ কৰি ৰাখিব বিচাৰিছিল। সীমাবদ্ধতাসমূহৰ বিৰুদ্ধে তেওঁ কিছু সময় যুঁজিছিল। কিন্তু যিহেতু ই এক অনাকাংক্ষিত প্ৰক্ৰিয়া আৰু উশাহ লোৱাটো কঠিন, গতিকে এই সকলোবোৰ প্ৰত্যাশিতই আছিল।’

কিন্তু স্মিথৰ পৰিয়াল আৰু অধিবক্তাসকলে দাবী কৰে যে আচলতে তেওঁ গেছ চেম্বাৰত ২২ মিনিট জীয়াই আছিল। কোৱা হৈছিল যে কেইমুহূৰ্ততে চেতনা হেৰুৱাই কেইমিনিটমানৰ ভিতৰতে তেওঁ মৃত্যুবৰণ কৰিব। কিন্তু তেওঁলোকে দাবী কৰে যে বাস্তৱত সেয়া হোৱা নাছিল।

লগতে পঢ়কঃ নীতিশ বাবুৰ ওলোটাখৰ! INDIAৰ মতানৈক্য দূৰৰ বাবে চলোৱা হৈছে যৎপৰোনাস্তি চেষ্টা, খৰ্গেৰ অসহায় স্বীকাৰোক্তি

কিন্তু এইবাৰেই নাইট্ৰজেনৰ সহায়ত মৃত্যুদণ্ডৰ প্ৰথম সাক্ষী হৈছে বিশ্ব। ভৱিষ্যতে আৰু এনে অধিক মৃত্যুদণ্ড দিয়া হ’ব নেকি সেয়া লক্ষণীয়।