• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ গঁড় হত্যাৰ বাবে মণিপুৰৰ পৰা অনা হৈছিল শ্বুটাৰ! পোহৰলৈ চাঞ্চল্যকৰ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2024 9:14 pm
rhino poaching in Kaziranga
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা সপ্তাহত এটা চোৰাং চিকাৰী দলে হত্যা কৰিছিল দুটাকৈ গঁড়। ঘটনাৰ তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। জানিব পৰা মতে, এই চোৰাং চিকাৰৰ বাবে নিয়োগ কৰা হৈছিল মণিপুৰৰ এজন শ্বুটাৰক। এই চোৰাং চিকাৰৰ গোচৰত বোকাখাত আৰক্ষীয়ে জগু পেগু নামৰ এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কথা পোহৰলৈ আহিছে।

উল্লেখ্য যে, যোৱা ২২ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ অন্তৰ্গত মাকলং বনাঞ্চলৰ সমীপত এটা মাইকী গঁড়ৰ মৃতদেহ উদ্ধাৰ হৈছিল। ইয়াৰ পিছতে ২৬ জানুৱাৰীত জগুৰ স্বীকাৰোক্তিমূলক বক্তব্যৰ ভিত্তিত দ্বিতীয়টো গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰে মহমৰা বন শিবিৰৰ সমীপত। জেৰাত জগু পেগুৱে স্বীকাৰ কৰে মণিপুৰী শ্বুটাৰৰ কথা।

Apply Now

মণিপুৰৰ এই শ্বুটাৰজনৰ লগতে আন দুজন চোৰাং চিকাৰী হৰেণ কামন আৰু ৰবিন পেগু এতিয়াও পলাতক হৈ থকা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে উল্লেখ কৰা মতে, মণিপুৰৰ শ্বুটাৰজনক ছয়জনীয়া এটা দলে ভাড়াত লৈ গঁড় হত্যাৰ বাবে বৰবালি গাঁৱলৈ আনিছিল।

মণিপুৰৰ সেনাপতি জিলাৰ এই শ্বুটাৰজনে ১৫ জানুৱাৰীত চুৰাচান্দপুৰলৈ আহি তাৰ পৰা আইজল পোৱাৰ পিছত শিলচৰলৈ আহি অৱশেষত ১৭ জানুৱাৰীত ডিমাপুৰত উপস্থিত হয়। ডিমাপুৰৰ পৰা ৰবীন পেগুৱে ১৯ জানুৱাৰীত ৰাজহুৱা বাছেৰে দেৰগাঁৱলৈ আনে শ্বুটাৰজনক আৰু অৱশেষত ২০ জানুৱাৰীত শ্বুটাৰজন কমাৰগাঁৱত উপস্থিত হয় আৰু জগু পেগুৰ ঘৰত থাকে।

যোৱা ২০ জানুৱাৰীত জগু পেগু আৰু মণিপুৰী শ্বুটাৰজন মটৰ চাইকেলেৰে অফলা গাওঁলৈ যায় আৰু গাওঁখনৰ হৰেণ কামনৰ ঘৰত বাইকখন থৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে। নিশাটোৰ ভিতৰতে দুয়ো একে-৪৭ৰে গঁড় দুটাক হত্যা কৰে। ২১ জানুৱাৰীৰ পুৱা ৫ বজাত হাতত এটা ডাঙৰ বেগ লৈ জগু পেগুৰ ঘৰলৈ উভতি আহে।

ইফালে ৰবিন পেগুৰ সৈতে যোৱা ২১ জানুৱাৰীত মণিপুৰী শ্বুটাৰজন দেৰগাঁৱৰ পৰা বাছেৰে ডিমাপুৰলৈ যায়। আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়া মতে স্থানীয় গাঁওবাসীৰ পৰা হৰেণ কামনৰ হাতত এ কে ৪৭ ৰাইফল থকাৰ বিষয়ে আৰক্ষীয়ে তথ্য লাভ কৰিছে। এই ৰাইফলটোৱেই গঁড় দুটা হত্যাত ব্যৱহাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জগু পেগুৰ ঘৰৰ পৰা এটা মেগজিন আৰু ১৩ ৰাউণ্ড গুলীসহ এটা এ কে-৪৭ ৰাইফল উদ্ধাৰ কৰা বুলি সিঙে লগতে কয়। ইফালে চোৰাং চিকাৰৰ পূৰ্বে জগু পেগুক নিকন ঘাটৰ সমীপত মটৰ চাইকেলত মণিপুৰী চোৰাংচিকাৰীজনৰ সৈতে দেখা গৈছিল বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে।

জগু পেগুৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ ঘৰৰ পিছফালে পুতি থোৱা গঁড়ৰ খৰ্গটো উদ্ধাৰ কৰে। ধৃত জগু পেগুৰ স্বীকাৰোক্তি অনুসৰি এই সমগ্ৰ চোৰাং চিকাৰৰ মাষ্টাৰমাইণ্ড আছিল লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ ৰবীন পেগু। ইয়াৰ পূৰ্বেও কাৰ্বি আংলঙত গঁড় চোৰাং চিকাৰৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল এই ৰবিন পেগু।

আৰক্ষী অধীক্ষক ৰাজেন সিঙে উল্লেখ কৰা মতে, মণিপুৰী শ্বুটাৰজনে গঁড়টোক হত্যা কৰাৰ পিছতে জগু পেগুৱে কুঠাৰেৰে খৰ্গটো কাটি লয়। ইফালে একেনিশাই হত্যা কৰা আনটো গঁড়ৰ খৰ্গটো উদ্ধাৰৰ প্ৰচেষ্টা চলাই থকা হৈছে তথা পলাতক আনকেইজন অভিযুক্তক গ্ৰেপ্তাৰৰ বাবে অভিযান চলাই থকা হৈছে বুলি সদৰী কৰে।

পলাতক অভিযুক্তকেইজনৰ তথ্য লাভ কৰিলে আৰক্ষীক অৱগত কৰিবলৈ সকলোকে আহ্বান জনায় আহ্বান আৰক্ষী অধীক্ষকগৰাকীয়ে। তথ্য দিয়া লোকসকলৰ পৰিচয় গোপন কৰি ৰখা হ’ব আৰু উপযুক্তভাৱে বঁটা প্ৰদান কৰা হ’ব বুলিও অধীক্ষকগৰাকীয়ে লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd