NORTHEAST NOW (Assamese)
অসম

ৰহাত কংগ্ৰেছত যোগ দিলে বিজেপি যুৱ মৰ্চা, এ ভি বি পি, অগপ আৰু আছুৰ শতাধিক সদস্যই

Posted by: মিণ্টু দাস August 31, 2018 7:31 pm
Raha congress meeting

নগাঁও জিলাৰ ৰহাত আজি যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ উদ্যোগত অনুষ্ঠিত ৰহা ব্লক কংগ্ৰেছৰ এখন সভাত বিজেপি, আছু আৰু অগপৰ কেইবাশতাধিক কৰ্মী তথা নেতাই যোগদান কৰে।

ৰহা মণ্ডল কংগ্ৰেছৰ সভাপতি মহম্মদ আব্দুল কৰিমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিজেপিৰ যুৱ মৰ্চা আৰু ৰহাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৩০০ গৰাকী সদস্যৰ এটা বৃহৎ দলে যোগদান কৰে। ইয়াৰ উপৰি উক্ত সভাত চাপৰমুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতিকে ধৰি আছুৰ প্ৰায় ৫০ জনীয়া সদস্যৰ এটা দলৰ লগতে ৰহা অগপৰ প্ৰায় ৩০ জন বিষয়-ববীয়াই কংগ্ৰেছত যোগদান কৰে।

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে এ আই ইউ ডি এফ আৰু বিজেপি চৰকাৰৰ কঠোৰ সমালোচনা কৰি সমাগত পঞ্চায়ত, লোকসভা আৰু অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছক সমৰ্থন কৰাৰ বাবে সকলোকে আহ্বান জনায়।

আজিৰ এই সভাত জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা, নগাঁও জিলা পৰিষদৰ সভাপতি হাইদৰ হুছেইন, ৰহা ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল কৰিম, নগাঁও জিলা অনুসুচিত জাতি পৰিষদৰ অধ্যক্ষ দীপ দাস, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰা, জিলা এন এছ ইউ আইৰ প্ৰাক্তন সাধাৰণ সম্পাদক অৰুনাংশু ভূঞা আৰু কঠিয়াতলী ব্লক কংগ্ৰেছৰ সভাপতি বেণু আহমেদ আদি উপস্থিত থাকে।