ডিফুত বন্দুক দেখুৱাই ধন লুণ্ঠনৰ চেষ্টা: তিনি অভিযুক্তক গ্ৰেপ্তাৰ

বুধবাৰে নিশা কাৰ্বি আংলঙৰ ডিফুত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। তিনি সন্দেহযুক্ত উগ্ৰপন্থীয়ে বন্দুক দেখুৱাই কেইবাজনো লোকৰ পৰা ধন দাবীৰ চেষ্টা চলোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এক আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয়।
অঞ্চলটোৰ একাংশ লোকৰ পৰা এইদৰে ধন আদায় কৰি থকা বুলি তথ্য লাভ কৰাৰ পিছতে ডিফু আৰক্ষীয়ে অভিযান আৰম্ভ কৰে আৰু তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
অভিযুক্ত তিনি ব্যক্তিক ক্ৰমে ওবাছান দৌলাগফু ওৰফে জগু, ছাফা সোৰাফাংছা আৰু বিজু গৌৰ বুলি চিনাক্ত কৰা হৈছে।
অভিযানৰ সময়ত আৰক্ষীয়ে দলাদলি অঞ্চলৰ পৰা আটক কৰে তিনিও অভিযুক্তক।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকৰ পৰা এটা এছ বি বি এল ৰাইফল, এটা কেমফ্লেজ জেকেট আৰু ৪টা মোবাইল ফোন উদ্ধাৰ কৰে।
লগতে আৰক্ষীয়ে অভিযুক্তৰ পৰা এখন চাৰিচকীয়া বাহন আৰু আন এখন দুচকীয়া বাহন জব্দ কৰে।
ধৃত তিনি ব্যক্তিক কোনো উগ্ৰপন্থী সংগঠনৰ অংশ বুলি সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত বিস্তৃত তথ্য উদ্ধাৰৰ বাবে তদন্ত আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰে।