NORTHEAST NOW (Assamese)
Popular Stories

ল’কডাউনৰ সুবিধা লৈ ডিব্ৰুগড়ত চলিছে জুৱাৰ আড্ডা

Posted by: অভিক চক্ৰৱৰ্তী Updated by: অভিক চক্ৰৱৰ্তী March 27, 2020 4:35 pm

ক’ৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশজুৰি চলি থকা ল’কডাউনৰ সুবিধা গ্ৰহণ কৰি ডিব্ৰুগড়ৰ বিভিন্ন স্থানত একাংশই এতিয়া জুৱা খেলৰ আড্ডাত বহা আৰম্ভ কৰিছে।

এক সূত্ৰৰ পৰা জানিব পৰা ডিব্ৰুগড় নগৰৰ নালিয়াপুল ৰে’লৱে ক’ল’নি, দূৰ্গাবাৰী, জ্যোতিনগৰ, স্মশানপাৰা, মিলননগৰ, ঠাকুৰথান, আমোলাপট্টি, গ্ৰাহাম বজাৰ, লোহাৰপট্টি আদি ঠাইতসমূহত চলিছ জুৱা খেলৰ আড্ডা।

‘ল’কডাউনৰ পিছত একাংশ যুৱকৰ এতিয়া কৰিবলৈ একো কাম নোহোৱা হৈ পৰাত তেওঁলোকে জুৱা খেলা আৰম্ভ কৰিছে। বিনা মাস্কত কোনো দূৰত্ব বজাই নাৰাখি জুৱা খেলা এই যুৱকসকলে নিজৰ লগতে আনৰ জীৱনৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে।‘ সূত্ৰটোৱে কয়।

আনহাতে জিলা প্ৰশাসনৰ ফালৰ পৰা জনসাধাৰণক ঘৰৰ ভিতৰত থাকিবলৈ বাৰম্বাৰ আহ্বান জনাই থকা হৈছে যদিও কেতবোৰ স্থানত এতিয়াও বাট-পথত মানুহ ঘূৰি-ফুৰাৰ লগতে ঠায়ে ঠায়ে সুৰা আদি বিক্ৰী কৰা দেখিবলৈ পোৱা গৈছে।