NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনী আচৰণ বিধি ভংগৰ বাবে হিমন্তৰ বিৰুদ্ধে নিৰ্বাচন আয়োগক অভিযোগ দাখিল কৰিলে ত্ৰিপুৰাৰ চিপিআই (এম) য়ে

Posted by: এন ই নাও নিউজ February 19, 2018 1:39 pm
White Paper on Assam State Finances

চিপিআই(এম)ৰ ত্ৰিপুৰা ৰাজ্যিক সমিতিয়ে নিৰ্বাচনী আচৰণ বিধি ভংগৰ বাবে অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে।

এই অভিযোগ পত্ৰত ত্ৰিপুৰা ৰাজ্যিক চিপিআই(এম)ৰ সাধাৰণ সম্পাদক বিজন ধৰে উল্লেখ কৰিছে যে বিজেপিৰ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ দায়িত্বত থকা মন্ত্ৰী শৰ্মাক নিৰ্বাচনৰ দিনাখন (১৮ ফেব্ৰুৱাৰি) আবেলি ৩.৫৫ বজাত ৰাজ্যখনৰ বিভিন্ন ভোটকেন্দ্ৰসমূহত ভোটগ্ৰহণ চলি থকাৰ সময়ত আগৰতলাত দেখা পোৱা গৈছিল।

‘’এয়া ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াই আৰোপ কৰা প্ৰতিবন্ধকতা ভংগ কৰাৰ স্পষ্ট প্ৰমান। তেওঁক ভোটগ্ৰহণ চলি থকাৰ সময়তে ৪ নং বৰজালা (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) সমষ্টিত বিজেপিৰ নিৰ্বাচনী বুথ কাৰ্যালয়ৰ পৰা ওলাই যোৱা দেখা গৈছিল,’’-ধৰে তেওঁৰ অভিযোগ পত্ৰত উল্লেখ কৰিছে।

Save-image-238x300

চিপিআই (এম)য়ে শৰ্মাৰ বিৰুদ্ধে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলি নিৰ্বাচন আয়োগক ত্ৰিপুৰাৰ পৰা তেওঁক উলিয়াই দিয়াৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ বাবে আহ্বান জনাইছে।

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ দেওবাৰে অনুষ্ঠিত হৈ যোৱা ভোটগ্ৰহণত ৭৮.৮৬ শতাংশ ভোটদান হৈছে। বাওঁমৰ্চাই বিজেপিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ষষ্ঠবাৰৰ বাবে বিজয়ী হোৱাৰ চেষ্টা অব্যাহত ৰাখিছিল।

ভোটদানৰ হাৰ ২০১৩ চনৰ ৯১.৮২ শতাংশৰ তুলনাত এইবাৰ কম হৈছে। সন্ধিয়া দেৰিলৈকে ভোটগ্ৰহণ চলিছিল আৰু কিছুমান অঞ্চলত ইভিএম বিকল হৈ পৰাৰ খবৰো পোৱা গৈছিল।

৬০ জনীয়া ৰাজ্য বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৫৯ খন আসনত ২৩ গৰাকী মহিলাকে ধৰি মুঠতে ২৯২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।