NORTHEAST NOW (Assamese)
অসম

পৰ্যটকৰ বাবে কাজিৰঙাত নিৰ্মাণ কৰা হ’ব হেলিপেড: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

Posted by: এন ই নাও নিউজ February 19, 2018 1:40 pm
sarbananda

এশিঙীয়া গঁডৰ বিচৰণভূমি হিচাপে খ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় অভায়ৰণ্যলৈ দেশী বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে অচিৰেই নিৰ্মাণ কৰা হ’ব এটা হেলিপেড। এক টুটট যোগে এই তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে।

কাজিৰঙা অভায়ৰণ্যক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী কাৰ্যলয়ে।
উল্লেখ্য যে কাজিৰঙাৰ কঁহৰাত অনুষ্ঠিত এখন সভাত অংশ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ কেবিনেটৰ তিনিজন মন্ত্ৰীক ইতিমধ্যে এই সন্দৰ্ভত প্ৰাথমিক কাম কাজ আৰম্ভ কৰাৰ যাৱতীয় নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতি মতে ইতিমধ্যে হেলিপেড নিৰ্মাণৰ বাবে কাজিৰঙাৰ ওচৰ পাঁজৰৰ ঠাই নিৰ্বাচন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰক্ষ্ম, স্থানীয় বিধায়কদ্বয় তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু কৃষি মন্ত্ৰী অতুল বৰাক নিৰ্দেশ দিছে।

এশিঙীয়া গঁডৰ বিচৰণভূমি হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত কাজিৰঙা অভায়ৰণ্যত হেলিপেড নিৰ্মাণ হ’লে পৰ্যটকৰ বহুদিনীয়া অসুবিধা দূৰ হ’ব বুলি আশা কৰা হৈছে। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় অভায়ৰণ্যলৈ প্ৰতি বছৰে বহু বিদেশী পৰ্যটকৰ আগমণ ঘটে আৰু ইয়াৰ পৰা চৰকাৰৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পায়।