NORTHEAST NOW (Assamese)
অসম

বিহালীত কোমোৰা কাটি চৰ-চাপৰি শাখা সাহিত্য সভাৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন

Posted by: কাজি জেইদুল ইছলাম September 3, 2018 9:04 pm
IMG-20180903-WA0031

বিহালীৰ নিজবাঘমাৰী প্ৰাথমিক বিদ্যালয়ত আজি কোমোৰা কাটি চৰ-চাপৰি শাখা সাহিত্য সভাৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট কবি তথা সাহিত্যিক পেঞ্চনাৰ টিকাৰাম উপাধ্যায় উপস্থিত থাকি ভাষণ প্ৰসংগত শ্ৰীমন্ত শংকৰ দেৱে কোমোৰা কাটি চৰত বহু দিন অতিবাহিত কৰাৰ কথা উল্লেখ কৰি অঞ্চলটোৰ সৈতে গুৰুজনাৰ স্মৃতি জড়িত হৈ থকা বুলি কয়।

উল্লেখ্য যে গুৰুজনাই নাৱেৰে উজাই আহি বিহালীৰ গাংমৌ থানত থিতাপি লোৱাৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ এটা চৰত নাও লাগি ধৰাত তাতে  নামি জিৰণি লৈছিল বুলিও সাহিত্যিকগৰাকীয়ে উল্লেখ কৰে। তেওঁ লগতে অঞ্চলটোত অসম সাহিত্য সভাৰ শাখা মুকলি হোৱাত সন্তুষ্টি  প্ৰকাশ কৰে।

চৰ-চাপৰি শাখা সাহিত্য সভাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি মঃ খাদিম আলিৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশ্বনাথ জিলা শাখাৰ সভাপতি হিৰণ্য হাজৰিকাই  কোমোৰা কাটি শাখা সাহিত্য সভাৰ সদস্য-সদস্যা তথা বিষয়-ববিয়া সকলক সাহিত্য সভাৰ শপত বাক্য পাঠ কৰায়।

সভাত অসম সাহিত্য সভাৰ আজীৱন সদস্য মোলান চন্দ্ৰ বৰা, যুৱ নেতা তথা বৰগাং শাখা সাহিত্য সভাৰ সহকাৰী সম্পাদক  তৰুণ দাস,  সাংবাদিক পংকজ বৰুৱা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে বক্তব্য প্ৰদান কৰে।

সভাত চৰ-চাপৰি শাখা সাহিত্য সভাৰ বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা মফিদা খাতুন, কাৰ্যকৰী সদস্যা দিলচান বেগম, উপ সমিতিৰ সাধাৰণ সম্পাদক নুৰ হুছেইন, সহ: সম্পাদক ওৱাহেদ আলি পূব চাৰিআলি শাখা সাহিত্য সভাৰ সদস্য একবাহাদুৰ ছেত্ৰী তথা শাখাৰ সদস্য সদস্যা সকল উপস্থিত থাকে।