NORTHEAST NOW (Assamese)
অসম

অৱশেষত নীলোৎপলৰ দেউতাকৰ দাবী পূৰ হ’ল : ডকামকা কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া কাৰ্বি আংলঙৰ বাহিৰলৈ নিবলৈ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

Posted by: এন ই নাও নিউজ September 4, 2018 6:48 pm
Nilotpal Father Mother

গোটেই ৰাজ্যৰ হৃদয় কঁপাই যোৱা ডকামকা কাণ্ডৰ যোৱা ১ ছেপ্তেম্বৰত চাৰ্জ ছীট দাখিল হোৱাৰ পিছত ঘটনাটোত হত্যাৰ বলি হোৱা নীলোৎপলৰ দেউতাকে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ পৰিসীমাৰ বাহিৰত কৰাবলৈ দাবী জনাইছিল সংবাদ মাধ্যম যোগে।

নীলোৎপলৰ দেউতাক গোপাল চন্দ্ৰ দাসে সংবাদ মাধ্যমৰ আগত কৈছিল যে গোচৰটোৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত হ’ব লাগে আৰু কাৰ্বি কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ পৰিসীমাৰ বাহিৰত হ’ব লাগে।

আজি গুৱাহাটী উচ্চ ন্যায়ালয়েও এই সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ নিৰ্দেশ দি নীলোৎপলৰ দেউতাকৰ ইচ্ছা পূৰণ কৰিলে। উচ্চ ন্যায়ালয়ে ডকমকা কাণ্ডৰ গোচৰ ডিফুৰ পৰা নগাঁও আদালতলৈ বদলি কৰাৰ নিৰ্দেশ দিছে। তাৰোপৰি নগাঁও সত্ৰ ন্যায়াধীশক বিচাৰ প্ৰক্ৰিয়া চলাবলৈ নিৰ্দেশ দিয়াৰ লগতে গোচৰটো ফাষ্ট ট্ৰেক আদালতত চলাবলৈও নিৰ্দেশ দিয়ে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মনজিৎ ভূঞাৰ আদালতে আজি এই গুৰুত্বপূৰ্ণ নিৰ্দেশ দিয়াৰ লগে লগে বহুতে স্বস্তিৰ নিঃশ্বাস পেলাইছে।