NORTHEAST NOW (Assamese)
অসম

আজি হিমাৰ লগতে জাকাৰ্টা এছিয়াডত পদকপ্ৰাপ্ত খেলুৱৈসকলক সম্বৰ্ধনা জনাব প্ৰধান মন্ত্ৰী মোদীয়ে

Posted by: এন ই নাও নিউজ September 5, 2018 10:16 am
40889463_889618384762278_6713003681437974528_n

সদ্য সমাপ্ত জাকাৰ্টা এছিয়ান গেইমছত এটা সোণ আৰু দুটা ৰূপৰ পদক অৰ্জন কৰি দেশবাসীক গৌৰৱান্বিত কৰা অসম কন্যা হিমা দাসৰ লগতে প্ৰতিযোগিতাখনত সফলতা লাভ কৰা ভাৰতীয় খেলুৱৈসকলক আজি নতুন দিল্লীত আদৰণি তথা শুভেচ্ছা জ্ঞাপন কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

উল্লেখ্য যে সোমবাৰে নিশা ইণ্ডোনেছিয়াৰ জাকাৰ্টাৰ পৰা আহি নতুন দিল্লীত উপস্থিত হৈছে হিমা দাসৰ সৈতে ভাৰতীয় খেলুৱৈৰ দলটো। ইয়াৰ পাছতে বিভিন্নজনে ভাৰতীয় দলটোক আদৰণি তথা শুভেচ্ছা জ্ঞাপন কৰে।

আনহাতে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই ভাৰতৰ হৈ পদক অৰ্জন কৰা খেলুৱৈসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মঙলবাৰে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী আৰু গৃহ মন্ত্ৰীয়ে নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত সম্বৰ্ধনা জনায়।

উল্লেখ্যযোগ্য যে জাকাৰ্টা এছিয়ান গেইমছত মহিলাৰ ব্যক্তিগত ৪০০ মিটাৰৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি দেশৰ হৈ ৰূপৰ পদক অৰ্জন কৰি ইতিহাস সৃষ্টি কৰাৰ পাছতে হিমা দাসক দেশৰ প্ৰধান মন্ত্ৰীয়ে নিজৰ টুইটযোগে প্ৰশংসা কৰাৰ লগতে ভৱিষ্যৎ উজ্জ্বল কামনা কৰা দেখা গৈছিল।

ইফালে জানিব পৰা মতে অহা ৭ ছেপ্টেম্বৰত গুৱাহাটীলৈ আহিব সদ্যসমাপ্ত এছিয়ান গেইমছত এটা স্বৰ্ণপদক আৰু দুটা ৰূপৰ পদকেৰে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসমকন্যা হিমা দাস। আৰু সেইদিনাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক মৰ্যাদাৰে হিমাক আদৰণি জনাব ৰাজ্য চৰকাৰে।