NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰী মোদীক সাক্ষাৎ হিমাৰ লগতে এছিয়াদত পদকজয়ী ভাৰতীয় খেলুৱৈৰ

Posted by: এন ই নাও নিউজ September 5, 2018 8:16 pm
Hima-Das-with-Pmri-Minsietr-Narendra-Modi-570x320

অসম কন্যা হিমা দাসৰ লগতে শেহতীয়া এছিয়ান গে’মছত পদকজয়ী ভাৰতীয় খেলুৱৈসকলে বুধবাৰে নতুন দিল্লীত সাক্ষাৎ কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক।

দেশৰ হৈ এছিয়াদত এই পৰ্য্যন্ত সৰ্বাধিক পদকজয়ী খেলুৱৈসকলৰ উচ্চ মানৰ প্ৰদৰ্শনৰ শলাগ লয় প্ৰধান মন্ত্ৰীয়ে।

সোমবাৰে নিশা ইণ্ডোনেছিয়াৰ জাকাৰ্টাৰ পৰা আহি নতুন দিল্লীত উপস্থিত হোৱাৰ পিছতে ভাৰতীয় খেলুৱৈসকলক বিভিন্নজনে আদৰণি তথা শুভেচ্ছা জ্ঞাপন কৰিছে।

দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু ক্ৰীড়া মন্ত্ৰী ৰাজ্যৱৰ্ধন সিং ৰাথোড়ে মঙলবাৰে নতুন দিল্লীত এক অনুষ্ঠানত ভাৰতৰ হৈ পদক অৰ্জন কৰা খেলুৱৈসকলক সম্বৰ্ধনা জনাইছিল।

সদ্য সমাপ্ত জাকাৰ্টা এছিয়ান গে’মছত হিমাই এটা সোণ আৰু দুটা ৰূপৰ পদক অৰ্জন কৰি দেশবাসীক গৌৰৱান্বিত কৰিছিল।

অহা ৭ ছেপ্টেম্বৰত গুৱাহাটীত উপস্থিত হ’ব লগা হিমাক সেইদিনাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক মৰ্যাদাৰে আদৰণি জনাব ৰাজ্য চৰকাৰে।