NORTHEAST NOW (Assamese)
অসম

ব্ৰহ্মপুত্ৰ নাও দুৰ্ঘটনা; ২০ ঘণ্টা উকলি যোৱাৰ পিছতো সফল হোৱা নাই উদ্ধাৰ অভিযান

Posted by: এন ই নাও নিউজ September 6, 2018 11:41 am
Boat accident

ব্ৰহ্মপুত্ৰত সংঘটিত নাও দুৰ্ঘটনাৰ প্ৰায় ২০ ঘণ্টা সময় উকলি গ’ল, আজি পুৱাৰে পৰা এন ডি আৰ এফ, এছ ডি আৰ এফ, নদী আৰক্ষী আৰু ভাৰতীয় সেনাই উদ্ধাৰ অভিযান অব্যহত ৰাখিছে যদিও এইপৰ্যন্ত সন্ধানহীন কোনো লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

বায়ু সেনাই হেলিকপ্টাৰেৰে আকাশমাৰ্গৰ পৰাও অভিযান চলাই আছে।

ইয়াৰ উপৰি দুৰ্ঘটনাগ্ৰস্ত নাওখৰ লগতে ইয়াত থকা কেইবাখনো মটৰ চাইকেলৰো কোনো সম্ভেদ লাভ কৰা নাই উদ্ধাৰকাৰী দলে, কেৱল শুৱালকুছিৰ শ্ৰীহাটীত নাওখনৰ কিছু ভগ্নাৱেশ আৰু উৎপল চমুৱা নামৰ এজন অধিবক্তাৰ নথি-পত্ৰভৰ্তি এটা বেগ উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে।

আনহাতে প্ৰকৃততে কিমানজন লোক সন্ধানহীন হৈ আছে তাৰো সঠিক তথ্য দিব পৰা নাই প্ৰশাসনে। জিলা প্ৰশাসনে জনোৱা মতে ২ জন লোকৰ সন্ধানহীন হৈ আছে। এই পৰ্যন্ত ২০জনক জীৱন্তে উদ্ধাৰ কৰাৰ লগতে ৩ টা মৃটদেহ উদ্ধাৰ কৰা হৈছে।