NORTHEAST NOW (Assamese)
অসম

হিমা দাসক আদৰিবলৈ বিমান বন্দৰ কৰ্তৃপক্ষৰ ব্যাপক আয়োজন

Posted by: এন ই নাও নিউজ September 7, 2018 11:06 am
5230df5f-17e0-4755-9047-1395c5200e36

সদ্য সমাপ্ত জাকাৰ্টা এছিয়ান গেইমছত উজ্জ্বীৱিত প্ৰদৰ্শনেৰে দুটা ৰূপ আৰু এটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা অসম কন্যা হিমা দাস আজি বহু দিনৰ মূৰত উপস্থিত হ’ব অসমত।

এথলেটিকছ জগতৰ এইগৰাকী নৱতম চাঞ্চল্যই আজি দিনৰ ১ বজাত স্পাইচজেটৰ বিমানেৰে গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব। খেলুৱৈগৰাকীক আদৰিবলৈ বিমান বন্দৰত উপস্থিত থাকিব খোদ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

মন কৰিবলগীয়া যে ইতিমধ্যে বিশ্ববিজয়ী তথা জাকাৰ্টা এছিয়াডত তিনিটা পদক লাভ কৰা হিমাক আদৰিবলৈ ব্যতিক্ৰম ৰূপত সজাই পৰাই তোলা হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ।

জানিব পৰা মতে বিমান বন্দৰৰ ভিতৰৰ পৰা ওলাই অহা পথটোত বিমান বন্দৰ কৰ্তৃপক্ষই ট্ৰেকৰ আৰ্হিত কাৰ্পেট পাৰি এক অভিনৱ পন্থাৰে খেলুৱৈগৰাকীক আদৰিবলৈ তথা শুভেচ্ছা প্ৰদান কৰিবলৈ সাজু হৈ উঠিছে।

উল্লেখ্য যে আজি কলাক্ষেত্ৰত ৰাজ্যিক মৰ্যাদাৰে হিমাক শুভেচ্ছা আৰু আদৰণি জনাব ৰাজ্য চৰকাৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া সম্বৰ্ধনা অনুষ্ঠানতে এথলীটগৰাকীক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ১ কোটি ৬০ লাখ টকা পুৰষ্কাৰ প্ৰদান কৰিব।

হিমা দাসৰ বাবে ৰাজ্য চৰকাৰে আয়োজন কৰা আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব এছিয়াডত অসমক প্ৰথমটো পদকৰ সোৱাদ দিয়া অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ লগতে সকলো মন্ত্ৰী-বিধায়ক।