NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ বৰঘূলীত গৰাখহনীয়াই নিঃশেষ কৰিলে বহু পৰিয়াল ঘৰ-দুৱাৰ; স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে ক্ষুব্ধ গাঁওবাসী

Posted by: ৰিদিপ শৰ্মা September 7, 2018 12:22 pm
Screenshot_20180907_110751

নগাঁও জিলাৰ কলিয়াবৰৰ বৰঘূলী অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বৰঘূলীত অব্যাহত থকা প্রৱাল গৰাখহনীয়া ৰোধ কৰিবলৈ প্ৰশাসন ব্যৰ্থ হোৱাত এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে অঞ্চলটোৰ নৈ পৰীয়া ৰাইজ।

যোৱা কিছুদিন ধৰি অঞ্চলটোত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াই এফালৰ পৰা নিশ্চিহ্ন কৰিছে কৃষিভূমি, মানুহৰ ঘৰ-দুৱাৰৰ লগতে বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান। ইতিমধ্যে গৰাখহনীয়াৰ কবলৰ পৰা পৰিত্ৰাণ পাবলৈ বৰঘূলী অঞ্চলৰ বহু পৰিয়ালে নিজৰ ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ গতি কৰিছে।

বিগত পোন্ধৰ বছৰে ধৰি অব্যাহত থকা গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰাত অঞ্চলটোৰ গৃহহীন পৰিয়ালসমুহে এতিয়া আশ্ৰয় ল’বলগীয়া হৈছে পথ-মথাউৰিৰ ওপৰত। এই লৈ স্থানীয় ৰাইজৰ মাজত প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ হোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ খোদ গৃহ সমষ্টিতে এনেদৰে গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে যদিও এই পৰ্যন্ত নিৰ্বিকাৰ ভূমিকা অৱলম্বন কৰি আছে স্থানীয় বিধায়ক তথা জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত।

আনহাতে এই গৰাখহনীয়াৰ কবলৰ পৰা অঞ্চলবাসীক নিৰাপত্তা প্ৰদান কৰিবলৈ চৰকাৰক কাতৰ অনুৰোধ জনাইছে এইসকল দুৰ্ভগীয়া ৰাইজে।